নিৰন্তৰ অভ্যাসৰ ফল প্ৰায় ১১.৪৫ কোটি প্ৰাইজ মানিৰে বিশ্ব দবা চেম্পিয়নশ্বিপ, ২০২৪ দখল কৰা দ্বিতীয় জন ভাৰতীয় গুকেশ ডোমৰাজু ৷Gukesh Domraju is the second Indian to win the World Chess Championship, 2024 with a prize money of Rs. 11.45 Crore

ভাৰতীয় দবাৰ বাবে এক ঐতিহাসিক কৃতিত্ব হিচাপে ১৮ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰ গুকেশ ডোমৰাজুৱে আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন হৈ ইতিহাসত নিজৰ নাম খোদিত কৰিছে৷ ২০২৪ চনৰ ১২ ডিচেম্বৰত ছিংগাপুৰত অনুষ্ঠিত বিশ্ব দবা চেম্পিয়নশ্বিপৰ ১৪ সংখ্যক আৰু অন্তিমখন খেলত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি তেওঁ এই সন্মানীয় খিতাপ দখল কৰে ভাৰতীয় গুকেশ ডোমৰাজুৱে৷

এই খিতাপ দখল কৰাৰ  লগে লগে গুকেশৰ মুঠ পুৰস্কাৰৰ ধন ১৩৫ লাখ ডলাৰ প্ৰায় ১১.৪৫ কোটি টকা হোৱাৰ বিপৰীতে লিৰেনে ১১.৫ মিলিয়ন ডলাৰ প্ৰায় ৯.৭৫ কোটি টকা প্ৰাইজ মানি হিচাপে লাভ কৰে৷

২০২৪ চনৰ ডিচেম্বৰ মাহত গুকেশৰ জয়ে তেওঁক আটাইতকৈ কম বয়সীয়া বিশ্ব চেম্পিয়ন কৰাই নহয়, বিশ্বনাথন আনন্দৰ পিছত এই খিতাপ দখল কৰা দ্বিতীয়জন ভাৰতীয় হিচাপেও পৰিচিত হয়৷

লগতে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা ভাৰতৰ ১৮ বছৰীয়া গুকেশ ডোমৰাজুই বিশ্বৰ কনিষ্ঠ বিশ্ব চেম্পিয়ন হোৱাৰ অভিলেখ গঢ়াৰ লগে লগে পূৰ্বৰ গেৰী কাস্পাৰভে ২২ বছৰ বয়সত এই খিতাপ দখল কৰাৰ অভিলেখ ভঙ্গ কৰে৷

বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে ছোভিচেট দেশত জন্মগ্ৰহণ কৰা গেৰী কাস্পাৰভে ২২ বছৰ বয়সত এই খিতাপ দখল কৰিছিল৷ ১৯৮৫ চনত গেৰী কাছপাৰভ আৰু এনাটলি কাৰ্পভৰ মাজত অনুষ্ঠিত হোৱা বিশ্ব দবা চেম্পিয়নশ্বিপৰ খেলখনৰ বাবে পুৰস্কাৰ পুঁজি আছিল ৰ,৬০০,০০০ এছ এফ আৰ৷ মস্কোৰ চাইকোভস্কি কনচাৰ্ট হলত অনুষ্ঠিত হোৱা এই খেলখনত কাছপাৰোভে ১৩-১৬ ৰ স্ক’ৰেৰে খিতাপ দখল কৰে৷ আৰু ১৯৯৬ আৰু ১৯৯৭ চনত ডিপ নামেৰে জনাজাত কম্পিউটাৰৰ বিৰুদ্ধে খেলাৰ বাবেও তেওঁ পৰিচিত৷ গেৰী কাছপাৰভ জন্ম ১৩ এপ্ৰিল, ১৯৬৩ চন৷


গুকেশ ডোমৰাজুৰ চমু পৰিচয় :

নাম :  গুকেশ ডোমৰাজু বা ডি ডোমৰাজু

পিতঃ ডাঃ ৰজনীকান্ত ডোমৰাজু [ই.এন.টি চাৰ্জন]

মাতৃ : ডাঃ পদ্মা ডোমৰাজু [মাইক্ৰ’বায়লজিষ্ট]

জন্ম : ২০০৬ চনৰ ২৯ মে’ত ভাৰতৰ চেন্নাইত তেলেগু পৰিয়ালত৷

প্ৰাথমিক জীৱন আৰু শিক্ষা-

- ২০০৬ চনৰ ২৯ মে’ত ভাৰতৰ চেন্নাইত জন্মগ্ৰহণ কৰা গুকেশ এজন শক্তিশালী শৈক্ষিক পটভূমিৰ পৰিয়ালৰ পৰা আহিছে; তেওঁৰ পিতৃ এজন ই এন টি চাৰ্জন আৰু মাতৃ এগৰাকী মাইক্ৰ’বায়’লজিষ্ট৷ তেওঁ সাত বছৰ বয়সৰ পৰাই তেওঁ দবা খেলিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁ প্ৰথম প্ৰশিক্ষক মিষ্টাৰ ভাস্কৰৰ নিৰ্দেশনাত দ্ৰুতগতিত নিজৰ দক্ষতা বিকাশ কৰিছিল৷ 

- গুকেশৰ দবা যাত্ৰাত কেইবাটাও উল্লেখযোগ্য কৃতিত্ব লাভ কৰিছে

আৰম্ভণিৰ সফলতা : 

- ২০১৫ চনত এছিয়ান স্কুল চেছ চেম্পিয়নশ্বিপত জ্ঝ বছৰ অনুৰ্ধৰ শাখাত তেওঁ প্ৰথমটো ডাঙৰ খিতাপ লাভ কৰিছিল৷ 

- ২০১৮ চনত তেওঁ ১২ বছৰ অনুৰ্ধৰ শাখাত বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ লগতে এছিয়ান যুৱ দবা চেম্পিয়নশ্বিপত প্ত টাকৈ স্বৰ্ণ পদক লাভ কৰে৷

গ্ৰেণ্ডমাষ্টাৰ উপাধি : 

- ২০১৭ চনৰ মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰৰ খিতাপ অৰ্জন কৰে৷

– ২০১৯ চনৰ ১৫ জানুৱাৰীত মাত্ৰ ১২ বছৰ জ্জ মাহ বয়সত গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ ফলত তেওঁ ইতিহাসৰ অন্যতম কনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হয়৷ 


শেহতীয়া কৃতিত্ব :

– ২০২৩ চনত তেওঁ ২৭৫০ ৰেটিং লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়৷

– ২০২৪ চনৰ এপ্ৰিল মাহত প্ৰাৰ্থী প্ৰতিযোগিতাত জয়ী হৈ বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰত্যাহ৩ানকাৰী হিচাপে নিজৰ স্থান নিশ্চিত কৰে৷ 

শিক্ষাগত অৰ্হতা :

বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন ডি গুকেশে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল চেন্নাইৰ মেল অয়ানাম্বকমত অৱস্থিত ভেলামল বিদ্যালয়ত৷ সাত বছৰ বয়সত তেওঁ দবা খেলিবলৈ আৰম্ভ কৰিছিল আৰু সোনকালে এই খেলৰ প্ৰতি আকৰ্ষণ গঢ়ি তুলিছিল৷ গুকেশৰ শৈক্ষিক যাত্ৰা কিছু অগতানুগতিক আছিল৷ তেওঁ সম্পূৰ্ণৰূপে দবা কেৰিয়াৰত মনোনিৱেশ কৰাৰ আগতে চতুৰ্থ শ্ৰেণীলৈকেহে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল৷

বাতৰি অনুসৰি তেওঁ এই পইণ্টৰ বাহিৰে আনুষ্ঠানিক স্কুলীয়া শিক্ষা অব্যাহত ৰখা নাছিল, ইয়াৰ পৰিৱৰ্তে তেওঁ দবা প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাত নিজকে উৎসৰ্গা কৰাৰ পথ বাছি লৈছিল৷ দবা খেলৰ সৈতে তেওঁৰ আৰম্ভণিৰ পৰিচয় আৰু বিভিন্ন প্ৰশিক্ষকৰ অধীনত কঠোৰ প্ৰশিক্ষণে দবা জগতত তেওঁৰ দ্ৰুত উত্থানত সহায় কৰিছিল আৰু সেয়ে অতি কম বয়সতে উল্লেখযোগ্য কৃতিত্বৰ শিখৰত উপনীত হৈছিল৷ সাত বছৰ বয়সৰ পৰা ব্যাপক প্ৰশিক্ষণ আৰু অনুশীলন, যাৰ ফলত দক্ষতা আৰু খিতাপত দ্ৰুত উন্নতি হয়৷ 


- শেহতীয়াকৈ বিশ্ব দবা চেম্পিয়নশ্বিপত জয়লাভ কৰাৰ পিছত বৰ্তমান গুকেশৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০ কোটি প্ৰায় ২৪ লাখ ডলাৰ বুলি অনুমান কৰা হৈছে৷ 

গতিকে দেখা যায় নিৰবিচ্ছিন্ন অভ্যাসৰ ফলত মানুহে যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰে আৰু বিশাল প্ৰাচুৰ্য্যৰ অধিকাৰী হ’ব পাৰে৷ ধন্যবান 

Comments

Popular posts from this blog

বাইক ৰাইডিঙেৰে বিশ্ব ভ্ৰমণ কৰা প্ৰথম গৰাকী মহিলা অসম জিয়ৰী মীনাক্ষী দাস৷Meenakshi Das is the first woman to travel the world by bike riding

অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ঘোষণা৷ স্থানীয় উপভোক্তা সমিতিয়ে পৰিচালনা কৰিব জলজীৱন আঁচনি সমূহ কেনেদৰে৷ ANNOUNCEMENT BY THE HON'BLE CHIEF MINISTER OF ASSAM HOW LOCAL CONSUMER COMMITTEES WILL MANAGE JAL JEEVAN SCHEMES

সদায় আহাৰৰ সৈতে চাট্‌নি খালে বহুৰোগৰ পৰা মুক্ত হ’ব পাৰি৷ ALWAYS EAT CHUTNEY WITH FOOD TO GET RID OF MANY DISEASES