বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শান্তিৰ নৱেল বঁটাৰে সন্মানীত ভাৰতীয় সকল ৷ INDIANS AWARDED THE WORLD'S GREATEST NOBEL PEACE PRIZE
নমস্কাৰ বিশ্বৰ ভিতৰত সৰ্বোচ্ছ পুৰস্কাৰ শান্তিৰ নৱেল বঁটাৰ বিষয়ে কিছু কথা আলোচনা কৰাৰ প্ৰয়াস কৰিছো ৷ বিশ্বত অনেক ঘটনাৰ লগতে কিছুমান এনে ব্যক্তি আছে যি সকলে কেৱল বিশ্ব শান্তিৰ বাবে অহৰহ কাম কৰি থাকে৷ তেনেধৰণৰ ব্যক্তিসকলৰ ভিতৰত এজন হ’ল নবেল বঁটাৰ জন্মদাতা অলফ্ৰেড নবেল৷ নোবেল বঁটা সৰ্বাধিক সন্মানীয় বঁটা আৰু বিভিন্ন ক্ষেত্ৰত মানৱ জাতিৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ স্বীকৃতি ৷ ডাইনামাইট আৱিষ্কাৰৰ বাবে বিখ্যাত ছুইডেনৰ বিজ্ঞানী আলফ্ৰেড নোবেলে ১৮৯৫ চনত ‘‘নবেল ফাউণ্ডেচন’’ স্থাপন কৰিছিল ৷ ১৯০১ চনত প্ৰথম এনে পুৰস্কাৰ দিয়া হৈছিল আৰু তেতিয়াৰ পৰাই শ শ ব্যক্তি আৰু কেইটামান সংগঠনে এই বিশিষ্ট বঁটা লাভ কৰিছে৷
ভাৰতীয়সকলেও উল্লেখযোগ্য অৱদান আগবঢ়াইছে আৰু সেয়েহে এই সন্মান লাভ কৰাত সফল হৈছে ৷ ভাৰতীয় প্ৰখ্যাত কবি ৰবীন্দ্ৰনাথ ঠাকুৰ ১৯১৩ চনত নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় আৰু তেতিয়াৰ পৰাই ভাৰতীয়সকলে ছয়টা শাখাৰ [ঠাকুৰকে ধৰি] প্ৰতিটো শাখাতে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷
– এই নবেল বঁটা আৰম্ভ হৈছিল ১৯০১ চনত ৷
– ই বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ পুৰস্কাৰ ৷
– এই পৰস্কাৰ প্ৰতি বছৰে আলফ্ৰেড নবেলৰ মৃত্যু তিথি ১০ ডিচেম্বৰৰ দিনা দিয়া হয় ৷
– অক্টোবৰ মাহত এই পুৰস্কাৰ বিজেতাসকলৰ নাম ঘোষণা কৰা হয় ৷
– ১৯৭৪ চনত কৰা নিয়ম অনুসৰি মৰনোত্তৰ হিচাবে নবেল বঁটা প্ৰদান কৰা নহ’ব ৷
– নবেল পুৰস্কাৰ বিজেতাৰ নাম ঘোষণা কৰাৰ পাচত তেওঁৰ মৃত্যু হলেও এই পুৰস্কাৰ দিয়া হ’ব ৷
– পুৰস্কাৰৰ ধনৰ পৰিমাণ বৰ্তমান প্ৰায় ৮ কোটিৰ অধিক ৷
– লগত এটা সোণৰ পদক, এখন ডিপ্লমা দিয়া হয় ৷
নবেল বঁটা মুঠ ৬টা বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা হয় :
১৷ পদাৰ্থ বিজ্ঞান [Physics]
২৷ ৰসায়ন বিজ্ঞান [Chemistry]
৩৷ শান্তি [Peace]
৪৷ সাহিত্য [Literature]
৫৷ চিকিৎসা [Medicine]
৬৷ অৰ্থশাস্ত্ৰ [Economics]
এই বঁটা প্ৰথম অৱস্থাত ৫টা ক্ষেত্ৰত দিয়া হৈছিল৷ তাৰ পাছত ১৯৬৪ চনত চুইদিষ্ট বেংকৰ ৩০০ বছৰ পূৰ্ণ কৰা উপলক্ষে অৰ্থশাস্ত্ৰ বিভাগটো ইয়াত চামিল কৰা হয় ৷
১৯০১ চনত ছুইডেনৰ ৰাজধানী ষ্টকহ’মত প্ৰথমবাৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰবিজ্ঞান বা চিকিৎসা আৰু সাহিত্যৰ নোবেল বঁটা প্ৰধান কৰা হয়৷ আনহাতে¸ নৰৱেৰ ৰাজধানী ক্ৰিষ্টিয়ানিয়া [বৰ্তমান অছলো]ত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয় ৷
শান্তিৰ নবেল বঁটাৰ জন্মাদাতা মহান বিজ্ঞানী আলফ্ৰেড নবেল৷
– জন্ম ১৮৩৩ চনৰ ২১ অক্টোবৰত ছুইডেনৰ ষ্টকহ’মত ৷
– পিতৃ ইমানুৱেল নোবেল আৰু মাতৃৰ নাম এণ্ডিয়েট আহলচেল নোবেল ৷
– তেওঁ একাধাৰে ৰসায়ন বৈজ্ঞানিক, অভিযন্তা, আৱিষ্কাৰক, ব্যৱসায়ী আৰু পৰোপকাৰী ব্যক্তি ৷
– মৃতু ১৮৯৬ চনৰ ১০ ডিচেম্বৰত ছানৰেমো, লিগুৰিয়া, ইটালীত ৷
– তেওঁ ১৮৬৭ চনত ডায়নামাইড আৱিষ্কাৰ কৰে ৷
– তেওঁৰ মৃত্যুৰ পিচত ১৯০০ চনত এখন নবেল ফাউণ্ডেচেন স্থাপন কৰা হয় ৷
– ১৯০১ চনৰ পৰা নৱেল পুৰস্কাৰ দিয়া আৰম্ভ কৰা হয় ৷
– এই পৰস্কাৰ প্ৰতি বছৰে আলফ্ৰেড নবেলৰ মৃত্যু তিথি ১০ ডিচেম্বৰৰ দিনা দিয়া হয়৷
এই পুৰস্কাৰ দুটা ভাগত দিয়া হয় :
– বিজ্ঞানৰ ক্ষেত্ৰত ষ্টকহ’মত মহামহিম ছুইডেনৰ ৰজাই প্ৰতিজন বঁটা বিজয়ীক ডিপ্লমা আৰু পদক প্ৰদান কৰে ৷
– শান্তিৰ ক্ষেত্ৰত নৰৱেৰ অছলোত নোবেল সমিতিৰ অধ্যক্ষই নৰৱেৰ মহামহিম ৰজা আৰু ৰাণী, চৰকাৰ, ষ্টৰ্টিঙৰ প্ৰতিনিধি আৰু আমন্ত্ৰিত দৰ্শকৰ উপস্থিতিত শান্তিৰ নোবেল বঁটা প্ৰদান কৰে ৷
নবেল বঁটাৰে সন্মানীত হোৱা ভাৰতীয় সকল :
১৷ ৰবিন্দ্ৰ নাথ ঠাকুৰ [১৯১৩] সাহিত্য :
![]() |
[ৰবীন্দ্ৰনাথ ঠাকুৰ, জন্ম ৭ মে’১৮৬১ চনত, যোৰাসংকো
ঠাকুৰ বাৰী, বংগ, ব্ৰিটিছ ভাৰত, মৃত্যু ৭ আগষ্ট ১৯৪১ (বয়স ৮০), যোৰাসংকো ঠাকুৰ বাৰী,
বংগ, ব্ৰিটিছ ভাৰত, কলমৰ নাম – ভানুসিংহ, বৃত্তি – কবি, উপন্যাস লিখক, নাটকীয় পৰীক্ষক,
গল্প লেখক, নাট্যলেখক, সুৰকাৰ, দাৰ্শনিক, সামাজিক সংস্কাৰক, শিক্ষাবাদী, ভাষাবিদ, ব্যাকৰণবিদ,
চিত্ৰশিল্পী, ভাষা- বাংলা, নাগৰিকত্ব - ব্ৰিটিছ ইণ্ডিয়ান, যুগ- বাংলা নৱজাগৰণ, সাহিত্য
আন্দোলন প্ৰসংগভিত্তিক আধুনিকতাবাদ, উল্লেখযোগ্য ৰচনা – গীতাঞ্জলি, ঘৰে-বৈৰে, ভৰতো
ভাগ্য বিধাতা, গোৰা, জন গণ মন, ৰবীন্দ্ৰ সংগীত, অমৰ শোনাৰ বাংলা (অন্য ৰচনা)]
নবেল বঁটাৰে সন্মানিত হোৱা সৰ্ব প্ৰথম ভাৰতীয় ৷ ‘জন গণ মন’ৰ স্ৰস্তা ৰবিন্দ্ৰ নাথ ঠাকুৰক বাংলা আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ পোৱা গভীৰ আৰু সুন্দৰ কবিতাৰ কাব্য সংগ্ৰহ ‘গীতাঞ্জলী’ৰ বাবে সাহিত্যৰ ক্ষেত্ৰত ১৯১৩ চনত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয় ৷ তেওঁৰ সাহিত্যিক ৰচনাসমূহে কবিতা, গীত, গল্প, নাটক, দৰ্শন, আৰু সামাজিক বিষয়সমূহ সামৰি লৈ ভাৰতীয় আৰু পশ্চিমীয়া প্ৰভাৱৰ মিশ্ৰণ ঘটাইছে ৷ তেওঁৰ অনুবাদ ইংৰাজী কবিতাই বিশ্বব্যাপী অনুগামী লাভ কৰিছে ৷
২৷ চন্দ্ৰশেখৰ ভেংকটৰমন [১৯৩০] পদাৰ্থ বিজ্ঞান :
![]() |
[চন্দ্ৰশেখৰ ভেংকট ৰমন, জন্ম: ৭ নৱেম্বৰ
১৮৮৮, তিৰুচিৰাপল্লী, মৃত্যু: ২১ নৱেম্বৰ ১৯৭০ (বয়স ৮২ বছৰ), বেংগালুৰু, শিক্ষা: প্ৰেচিডেন্সি
কলেজ চেন্নাই (১৯০৭), বঁটা : ভাৰত ৰত্ন, পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা, লেনিন শান্তি
বঁটা, মেটেউচি পদক, ফ্ৰেংকলিন পদক, হিউজ পদক]
ছাৰ চন্দ্ৰশেখৰ ভেংকটৰমন ৰমন ইফেক্ট বা স্বচ্ছ মাধ্যমৰ জৰিয়তে একৰঙী পোহৰৰ বিকিৰণৰ ওপৰত কৰা গৱেষণাৰ বাবে বিখ্যাত ৷ এই কামৰ বাবে ১৯৩০ চনত তেওঁক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয় ৷
৩৷ হৰগোবিন্দ খোৰানা [১৯৬৮] শৰীৰবিজ্ঞান বা চিকিৎসা :
![]() |
[জন্ম: ৯ জানুৱাৰী ১৯২২, ৰায়পুৰ, পাকিস্তানত,
মৃত্যু: ৯ নৱেম্বৰ ২০১১ (বয়স ৮৯ বছৰ), কনকৰ্ড, মেছাচুচেটছ, আমেৰিকা, শিক্ষা: লিভাৰপুল
বিশ্ববিদ্যালয় (১৯৪৮), বঁটা: শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, লুইছা গ্ৰছ
হৰৱিট্জ বঁটা, পদ্ম বিভূষণ, কানাডা গেইৰ্ডনাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা, জৈৱ বিজ্ঞানৰ বাবে
ৰাষ্ট্ৰীয় বিজ্ঞান পদক, মৌলিক চিকিৎসা গৱেষণাৰ বাবে এলবাৰ্ট লেস্কাৰ বঁটা, জনাজাত:
প্ৰথমে প্ৰটিন সংশ্লেষণত নিউক্লিঅ’টাইডৰ ভূমিকা প্ৰদৰ্শন কৰা]
অদৃশ্য জিনীয় সংকেত আৰু প্ৰটিন সংশ্লেষণত ইয়াৰ ভূমিকাৰ বাবে কৰা যুগান্তকাৰী কামৰ বাবে হৰ গোবিন্দ খোৰানাক ১৯৬৮ চনত শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয় ৷ খোৰানা ভাৰতীয় মূলৰ আমেৰিকান নাগৰিক ৷
- জিনীয় তথ্য ডিএনএৰ পৰা আৰএনএলৈ আৰু তাৰ পিছত প্ৰটিনলৈ স্থানান্তৰিত হয়, নিৰ্দিষ্ট ডিএনএ ক্ৰমৰ সৈতে মিল থকা এমিনো এচিডৰ সৈতে৷ খোৰানাই এনজাইম ব্যৱহাৰ কৰি আৰএনএ শৃংখল নিৰ্মাণ আৰু প্ৰটিন সংশ্লেষণ কৰি অৰিহণা যোগাইছিল, যাৰ ফলত জিনীয় সংকেতৰ গুৰুত্বপূৰ্ণ বিৱৰণ উন্মোচিত হৈছিল৷ তেওঁৰ গৱেষণাই জিনীয় নিৰ্দেশনাৰ ভিত্তিত প্ৰটিন কেনেকৈ তৈয়াৰ কৰা হয় সেই বিষয়ে বুজাত সহায় কৰিছিল৷
৪৷ মাডাৰ টেৰেচা [১৯৭৯] শান্তি :
![]() |
[সম্পূৰ্ণ নাম: এঞ্জেজে গনক্সে বজাক্সিউ,
জন্ম: ২৬ আগষ্ট ১৯১০, স্কোপজে, উত্তৰ মেচিডোনিয়া, মৃত্যু: ৫ ছেপ্টেম্বৰ ১৯৯৭ (বয়স
৮৭ বছৰ), কলকাতা, সমাধিস্থল: কলকাতাত মিছনেৰীজ অৱ চেৰিটিৰ মাদাৰ হাউচ, পিতৃ-মাতৃ: ড্ৰানাফাইল
বজাক্সিউ, নিকোলে বজাক্সিউ, বঁটা : শান্তিৰ নোবেল বঁটা, ভাৰত ৰত্ন, পোপ জন ত্ৰয়োদশ
শান্তি বঁটা, হাঁহিৰ অৰ্ডাৰ, পদ্ম শ্ৰী, ৰাষ্ট্ৰপতিৰ স্বাধীনতাৰ পদক, অৰ্ডাৰ অৱ মেৰিট,
টেম্পলটন বঁটা, আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ বাবে জৱাহৰলাল নেহৰু বঁটা, পেচেম ইন টেৰিছ
শান্তি আৰু স্বাধীনতা বঁটা, গ্ৰেণ্ড অৰ্ডাৰ অৱ কুইন জেলেনা, পৃষ্ঠপোষক পদক, শান্তি
আৰু আন্তঃ ৰাষ্ট্ৰীয় বুজাবুজিৰ বাবে ৰেমন মেগছেছে বঁটা, জাতিৰ সোণালী সন্মান, এলবাৰ্ট
শ্বুইটজাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা, মানুহৰ মাজত মানৱতা, শান্তি আৰু ভ্ৰাতৃত্ববোধৰ বাবে
বালজান বঁটা, জাতীয়তা: আলবেনিয়ান, ভাৰতীয়, যুগোস্লাভিয়ান]
দুখিয়া আৰু অসহায় লোকৰ দুখ-দুৰ্দশা দূৰ কৰাৰ বাবে কৰা নিষ্ঠাবান কামৰ বাবে ১৯৭৯ চনত মাদাৰ টেৰেছাক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয় ৷
- ১৯১০ চনত উত্তৰ মেচিডোনিয়াৰ ৰাজধানী স্কোপজে চহৰত জন্মগ্ৰহণ কৰা মাদাৰ টেৰেছা ১৮ বছৰ বয়সত ‘নন’ হৈ ভাৰতলৈ আহে ৷ প্ৰথমে তেওঁ কলিকতাৰ ছেইণ্ট মেৰী হাইস্কুলত কিছু দিন শিক্ষকতা কৰিছিল৷ তাৰ পিছত বস্তিৰ দুখীয়া আৰু দুৰ্বল লোকক সহায় কৰাত মনোনিৱেশ কৰে ৷ ১৯৫০ চনত তেওঁ প্ৰান্তীয় লোকসকলৰ যত্ন লোৱাৰ বাবে উৎসৰ্গিত ধৰ্মীয় সংগঠন ‘‘মিছনেৰীজ অৱ চেৰিটি’’ প্ৰতিষ্ঠা কৰি বিশ্বব্যাপী দয়াৰ প্ৰতীক হৈ পৰিছিল ৷ মাডাৰ চেৰেছা মূলত বিদেশৰ আছিল যদিও তেওঁক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছিল ৷
৫৷ ডাঃ সুব্ৰহ্মণ্য চন্দ্ৰশেখৰ [১৯৮৩] পদাৰ্থ বিজ্ঞান :
![]() |
[সুব্ৰহ্মণ্য চন্দ্ৰশেখৰ : জন্ম: ১৯১০ চনৰ ১৯ অক্টোবৰ, ভাৰতৰ লাহোৰ [বৰ্তমান পাকিস্তানত], মৃত্যু: ২১ আগষ্ট, ১৯৯৫, চিকাগো, ইলিনয়, আমেৰিকা (বয়স ৮৪), বঁটা আৰু সন্মান: কপলি পদক, নোবেল বঁটা ]
পাৰমাণৱিক জ্যোতি, ডব্লিউ.এ.নক্ষত্ৰীয় বস্তু, বগা বামন আৰু কৃষ্ণগহ্বৰৰ বুজাবুজিৰ ওপৰত পিছৰ গৱেষণাক গঢ় দিয়াৰ বাবে ১৯৮৩ চনত সুব্ৰমণিয়াম চন্দ্ৰশেখৰক নবেল বঁটা প্ৰদান কৰা হয় ৷ তেওঁ “চন্দ্ৰশেখৰ সীমা”ৰ বাবে বেছিকৈ পৰিচিত৷ ই হৈছে বগা বামন তৰা এটাৰ সৰ্বোচ্ছ ভৰ যিটো থাকিব পাৰে আৰু এতিয়াও সুস্থিৰ হৈ থাকে ৷
৬৷ অমৰ্ত্য সেন [১৯৯৮] অৰ্থনীতি :
![]() |
[অমৰ্ত্য সেন : জন্ম: ৩ নৱেম্বৰ ১৯৩৩ (বয়স ৯১ বছৰ), শান্তিনিকেতন, শিক্ষা: কেম্ব্ৰিজ বিশ্ববিদ্যালয় |
- অমৰ্ত্য সেনৰ কামে অৰ্থনৈতিক পৰিৱৰ্তনৰ মূল্যায়ন আৰু সামগ্ৰিকভাৱে সমাজৰ উপকাৰৰ বাবে নীতি নিৰ্দেশনা দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ সেনে সামাজিক পছন্দ, কল্যাণমূলক সংজ্ঞা আৰু অভিজ্ঞতা ভিত্তিক দুৰ্ভিক্ষৰ অধ্যয়নৰ স্বতন্ত্ৰ তত্ত্ব আগবঢ়াই নিছিল ৷ তেওঁৰ গৱেষণাই প্ৰান্তীয় ব্যক্তিৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সমাজ কল্যাণৰ বিতৰণ তুলনা কৰাৰ পদ্ধতি উন্নত কৰাৰ লগতে সামূহিক সিদ্ধান্ত গ্ৰহণ আৰু ব্যক্তিগত অধিকাৰৰ চৰ্তসমূহো স্পষ্ট কৰে ৷
[বিশেষ ভাৱে উল্লেখযোগ্য যে নবেল বঁটাৰে সন্মানীত হোৱা অমৰ্ত্য সেনৰ নামটো দিছিল নবেল বঁটাৰে সন্মানীত হোৱা প্ৰথম ভাৰতীয় কবিগুৰু ৰবিন্দ্ৰ নাথ ঠাকুৰে]
৭৷ ভি. এছ. নাইপ’ল [২০০১] সাহিত্য :
![]() |
[সম্পূৰ্ণ নাম: ছাৰ বিডিয়াধৰ সুৰজপ্ৰসাদ নাইপল- জন্ম: ১৯৩২ চনৰ ১৭ আগষ্টত ট্ৰিনিদাদ আৰু টবাগোৰ চাগুয়ানাছত, মৃত্যু: ১১ আগষ্ট ২০১৮ (বয়স ৮৫ বছৰ), লণ্ডন, যুক্তৰাজ্য] |
সাহিত্যৰ ক্ষেত্ৰত ২০০১ চনত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয় ৷ এওঁ ভাৰতীয় মূলৰ হলেও বিদেশৰ নাগৰিক৷
৮৷ ভেংকটৰমন ৰামকৃষ্ণণ [২০০৯] ৰসায়ন বিজ্ঞান :
![]() |
[জন্ম: ১ এপ্ৰিল
১৯৫২ (বয়স ৭৩ বছৰ),
চিদাম্বৰম, শিক্ষা: অহাইঅ' বিশ্ববিদ্যালয়, পত্নী:
ভেৰা ৰ'জেনবেৰী (মৃত্যু
১৯৭৫), বঁটা: ৰসায়ন বিজ্ঞানৰ
নোবেল বঁটা, পদ্ম বিভূষণ,
গুগেনহাইম ফেল'শ্বিপ ফৰ নেচাৰেল ছায়েন্স, আমেৰিকা আৰু কানাডা, চিকিৎসা বিজ্ঞানৰ বাবে
লুই-জেণ্টেট বঁটা]
ভেংকটৰমণ ৰামকৃষ্ণণ, থমাছ এ ষ্টেইটজ আৰু আদা যোনাথৰ সৈতে ৰাইব’জমৰ গঠন আৰু কাৰ্য্যৰ ওপৰত যুগান্তকাৰী গৱেষণাৰ বাবে ২০০৯ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়৷ যিটো প্ৰটিন সংশ্লেষণ আৰু এন্টিবায়টিক বিকাশৰ বিষয়ে বুজিবলৈ এক জটিল আৱিষ্কাৰ ৷
- প্ৰটিন সংশ্লেষণৰ বাবে ৰাইব’জম অতি প্ৰয়োজনীয়, ই জিনীয় তথ্যক এমিনো এচিড শৃংখললৈ অনুবাদ কৰে৷ ৰামকৃষ্ণনৰ দলে ২০০০ চনত এক্স-ৰে স্ফটিক বিজ্ঞান ব্যৱহাৰ কৰি ৰাইব’জমৰ গঠনৰ মানচিত্ৰ নিৰ্মাণ কৰিছিল৷ এই গৱেষণাই এন্টিবায়টিকৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷
৯৷ কৈলাশ সত্যার্থী [২০১৪] শান্তি :
![]() |
[জন্ম: ১১ জানুৱাৰী ১৯৫৪ (বয়স ৭১ বছৰ),
বিদিশা, মধ্য প্ৰদেশ, বঁটা: শান্তিৰ নোবেল বঁটা, বছৰৰ চিএনএন-আইবিএন ভাৰতীয় অসাধাৰণ
কৃতিত্ব, শিক্ষাঃ বৰকতুল্লাহ বিশ্ববিদ্যালয়, ভোপাল, সম্ৰাট অশোক প্ৰযুক্তি প্ৰতিষ্ঠান]
শিশু শোষণ আৰু শ্ৰম সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে কৈলাশ সত্যাৰ্থীক ২০১৪ চনত শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয় ৷ এওঁক মালালা য়ুসুফ জাইৰ লগত একেলগে নবেল বঁটা প্ৰদান কৰা হয় ৷
- সত্যাথীৰ্ৰ সংস্থা ‘বচপন বাচাও’ আন্দোলানে এক লাখৰো অধিক শিশুক শোষণৰ পৰা হাত সাৰিবলৈ সহায় কৰিছে ৷ তেওঁৰ ‘‘সত্যাৰ্থীয় মুভমেণ্ট ফৰ গ্ল’বেল কম্পাচন’’ৰ জৰিয়তে সমাজ সংস্কাৰৰ ক্ষেত্ৰত এক উচ্ছ মানদণ্ড স্থাপন কৰিছিল ৷ সত্যৰ্থীয়ে গ্ল’বেল মাৰ্চ এগেইনষ্ট চাইল্ড লেবাৰৰ নেতৃত্ব দি ১০৩খন দেশত কাম কৰিছে ৷ তেওঁৱেই শিক্ষাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে সফলতাৰে প্ৰচাৰ চলাইছিল, যাৰ ফলত ২০০৯ চনত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল ৷
১০৷ অভিজিৎ বেনাৰ্জী [২০১৯] অৰ্থনীতি :
![]() |
[সম্পূৰ্ণ নাম: অভিজিৎ বিনায়ক বেনাৰ্জী- জন্ম: ২১ ফেব্ৰুৱাৰী ১৯৬১ (বয়স ৬৪ বছৰ), মুম্বাই, শিক্ষা: হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, পত্নী: এষ্টাৰ ডুফ্লো (মৃত্যু ২০১৫), বঁটা: অৰ্থনৈতিক বিজ্ঞানৰ নোবেল সোঁৱৰণী বঁটা জাতীয়তা: আমেৰিকান, ভাৰতীয়]
ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ অভিজিত বিনায়ক বেনাৰ্জী আৰু তেওঁৰ পত্নী এষ্টাৰ ডুফ্লো বিশ্বৰ দৰিদ্ৰতা মোকাবিলা কৰাৰ পৰীক্ষামূলক পদ্ধতি উদ্ভাৱন কৰাৰ বাবে ২০১৯ চনত যৌথ ভাৱে অৰ্থনৈতিক বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত কৰা হয় ৷ তেওঁলোকৰ কামে ফলপ্ৰসূ সমাধান চিনাক্ত কৰিবলৈ ক্ষেত্ৰ পৰীক্ষা ব্যৱহাৰ কৰি দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে ৷ বিশ্বৰ দৰিদ্ৰতা নিৰ্মূলকৰণ মানৱতাৰ অন্যতম জৰুৰী বিষয় ৷
এই সকল হৈছে বৰ্তমানলৈ নবেল বঁটাৰে সন্মানীত হোৱা মহান ভাৰতীয় সন্তান৷
💞 উল্লেখযোগ্য যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক পাঁচ বাৰ শান্তিৰ নবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৷ প্ৰথমে ১৯৩৭, ১৯৩৮, ১৯৩৯ আৰু ১৯৪৭ চনত চাৰিবাৰ নমিনেচন দিয়া হৈছিল যদিও নবেল বঁটা প্ৰদান কৰা নহ’ল ৷ শেষত পঞ্চম বাৰৰ বাবে ১৯৪৮ চনত তেওঁক নমিনেচন দিয়া হৈছিল কিন্তু নমিনেচনৰ মাত্ৰ চাৰিদিন পিচতে তেওঁক হত্যা কৰা হয় ৷ মহাত্মা গান্ধী হয়তো বিশ্বৰ প্ৰথম যিয়ে পাঁচবাৰ নিৰ্বাচিত হোৱাৰ পাচতো এই নবেল বঁটা প্ৰদান কৰা নহ’ল ৷ তেওঁক নবেল বঁটা প্ৰদান নকৰাৰ আৰত বহুধৰণৰ কাহিনী শুনিবলৈ পোৱা যায় ৷💞
বিভিন্ন উৎসৰ পৰা সংগ্ৰহ সকলোলৈ কৃতজ্ঞতাৰে নমস্কাৰ৷
Comments
Post a Comment