ধবংশ কৰা হ’ল হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে অসমত প্ৰতিষ্ঠা কৰা দুটাকৈ বৃহত কাগজ কল |Two large paper mills established by Hindustan Paper Corporation Limited in Assam were destroyed

ধবংশ কৰা হ’ল হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে অসমত প্ৰতিষ্ঠা কৰা দুটাকৈ বৃহত কাগজ কল |Two large paper mills established by Hindustan Paper Corporation Limited in Assam were destroyed

কাগজ হৈছে মানৱ জীৱনৰ এক অবিচেদ্য অংগ ৷ প্ৰাচীন কালৰে পৰা মানৱ সভ্যতাই বিভিন্ন প্ৰকাৰেৰে নিজৰ নিজৰ অভিজ্ঞতা লিপিৱদ্ধ কৰি আহিছে ৷ প্ৰাচীন কালত মানুহে গছৰ পাট, সাচীপাট, শিল আদিত লিখা-মেলা কৰিছিল আৰু জ্ঞানৰ পোহাৰ মেলিছিল ৷ সেই ধাৰা বৰ্তমানো পুৰামাত্ৰাই চলি আছে ৷ এসময়ৰ শিল, গছৰপাট, গছৰ বাকলি, সাচিপাট আদিৰ পৰা আধুনিক যুগত কাগজৰ প্ৰচলন হ’ল ৷ এই কাগজে আমাৰ সমাজত জ্ঞান বঢ়োৱাৰ ক্ষেত্ৰত শিৰ্ষস্থান দখল কৰি আছে ৷ বৰ্তমান যুগত সকলো ক্ষেত্ৰতে কাগজৰ ব্যৱহাৰ অপৰিহায্য ৷ স্কুল-কলেজৰ লগতে বিভিন্ন অফিচ-কাচাৰি, দোকান-পোহাৰ আদিৰ পৰা নিউজ পেপাৰ, টিচু পেপাৰ লৈকে প্ৰতিদিনে কাগজৰ ব্যৱহাৰ হৈ আছে ৷ বৰ্তমান যুগত কাগজৰ প্ৰয়োজন দিনক দিনে বাঢ়ি আহিছে ৷ এনে এটা সময়ত হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে অসমত প্ৰতিষ্ঠা কৰা ভাৰতৰ ভিতৰতে দুটা উল্লেখযোগ্য কাগজ নিৰ্মাণ কাৰখানা বন্ধ কৰি দিয়া হ’ল ৷ য’ত অসমৰ বহুতু কমীৰ্ ইতিমধ্যে এই উদ্যোগদুটাৰ ওপৰত নিজৰ জীৱন নিৰ্ভৰশীল হৈ পৰিছিল ৷ বিশেষকৈ অসমৰ থলুৱা বাঁহ ইয়াত ব্যৱাহাৰ হোৱাৰ ফলত অসমৰ বহু থলুৱা লোক ইয়াৰ পৰা আৰ্থিক ভাবে লাভান্বিত হৈছিল ৷ যিহেতু এই কাগজ কলত কেঁচামাল হিচাপে ১০০ শতাংশই বাঁহ ব্যৱহাৰ কৰা হৈছিল ৷

ধবংশ কৰা হ’ল হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে অসমত প্ৰতিষ্ঠা কৰা দুটাকৈ বৃহত কাগজ কল |Two large paper mills established by Hindustan Paper Corporation Limited in Assam were destroyed

১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা নগাঁও-জাগীৰোডৰ কাগজ কলটো ২০১৭ চনৰ মাৰ্চ মাহত বন্ধ কৰি দিয়া হয় ৷ আনহাতে ১৯৮৮ চনত প্ৰতিষ্ঠা হোৱা বৰাক উপত্যকাৰ পঞ্চগ্ৰামৰ কাগজ কলটো ২০১৫ চনৰ অক্টোবৰ মাহত বন্ধ কৰি দিয়া হয় ৷  দুয়োটা কাগজ কলৰ বৃহত বৃহত ডিজিটেল মেচিন, চিমনি, বিল্ডিং, তাত থকা চ’ৰুম, বজাৰ, স্কুল আদি কৰি এই কল দুটাৰ মুঠ মাটিকালি প্ৰায় ১৫৫০ একৰ ৷

ধবংশ কৰা হ’ল হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে অসমত প্ৰতিষ্ঠা কৰা দুটাকৈ বৃহত কাগজ কল |Two large paper mills established by Hindustan Paper Corporation Limited in Assam were destroyed

জাগীৰোডৰ নগাঁও কাগজ কলৰ ইতিহাস ঃ

স্থাপিত - ১৯৮৫ চন

বন্ধ - ২০১৭ চনৰ মাৰ্চ মাহ

মাটি - ৰ,৭৬৫ বিঘা, ৩৩ কঠা, ২৪ লেচা

প্ৰতিষ্ঠাপক - হিন্দুস্তান কাগজ নিগম লিমিটেড, এইচপিচি

মুখ্য কাৰ্যালয়- কাগজনগৰ, জাগীৰোড, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, জিলা- মৰিগাঁও [অসম], ভাৰত

গুৱাহাটীৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ পূবে অৱস্থিত ৷

প্ৰডাক্ট - নিউজপ্ৰিণ্ট, লিখাৰ কাগজ

ভাৰতবৰ্ষৰ কাগজ নিৰ্মাণ প্ৰতিষ্ঠান হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে অসমৰ জাগীৰোডত ১৯৮৫ চনত ভাৰতৰ ভিতৰতে এটা উল্লেখযোগ্য কাগজ নিৰ্মাণ কাৰখানা প্ৰতিষ্ঠা কৰিছিল ৷ যিটো নগাঁও কাগজ কল নামেৰে সকলোৰে পৰিচিত ৷

১৯৮৫ চনৰ অক্টোবৰ মাহৰ পৰা এই মিলটোৱে বাণিজ্যিক উৎপাদন আৰম্ভ কৰে ৷ আৰম্ভনিৰে পৰা ২০০৮ চনলৈকে ২৩ বছৰ ধৰি ইয়াৰ নিৰ্ধাৰিত ক্ষমতাৰ বাহিৰত উৎপাদন কৰে ৷ কাৰখানাটোৰ উৎপাদন ক্ষমতা আছিল প্ৰতিদিনে ৩০০ মেট্ৰিক টন কাগজ ৷ তথ্য মতে শ্বাটাৰ বন্ধ কৰাৰ শেষ দিনটোত কাগজ কলটোৰ পৰা ২৬৯ মেট্ৰিক টন কাগজ উৎপাদন হৈছিল ৷ উল্লেখযোগ্য যে নগাঁও কাগজ কল নিগমটোৰ একমাত্ৰ ইউনিট আছিল যিটো সমগ্ৰ কায্যকলাপৰ সময়ছোৱাত লাভজনক হৈ আছিল ৷ এই কাৰখানাত কেঁচামাল হিচাপে ১০০ শতাংশ বাঁহ ব্যৱহাৰ কৰি কামিৰ কন্টিনিউয়াছ ডাইজেষ্টাৰত ক্ৰাফট পাল্প উৎপাদন কৰা ই বিশ্বৰ প্ৰথমটো কাগজ কল আছিল ৷ 

ধবংশ কৰা হ’ল হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে অসমত প্ৰতিষ্ঠা কৰা দুটাকৈ বৃহত কাগজ কল |Two large paper mills established by Hindustan Paper Corporation Limited in Assam were destroyed

পঞ্চগ্ৰাম কাচাৰ কাগজ কলৰ ইতিহাস ঃ

স্থাপিত - ১৯৮৮ চন

বন্ধ - ২০১৫ চনৰ অক্টোবৰ

মাটি - ২,৯১৬ বিঘা, ১ কঠা, ৭ লেচা

প্ৰতিষ্ঠাপক - হিন্দুস্তান কাগজ নিগম লিমিটেড, এইচপিচি

মুখ্য কাৰ্যালয়- পঞ্চগ্ৰাম, জিলা- হাইলাকান্দি [অসম], ভাৰত

শিলচৰ আৰু গুৱাহাটীৰ মাজৰ ৫৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ৷ পাঞ্চগ্ৰাম ৰেলৱে ষ্টেচনৰ ওচৰতে ৷

শিলচৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত্ব ৷ 

প্ৰডাক্ট - নিউজপ্ৰিণ্ট, লিখাৰ কাগজ

ভাৰতবৰ্ষৰ কাগজ নিৰ্মাণ প্ৰতিষ্ঠান হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে ১৯৮৮ চনত অসমৰ হাইলাকান্দি জিলাৰ বৰাক নদীৰ কাষৰ পঞ্চগ্ৰামত কাছাৰ কাগজ কল নামৰ দ্বিতীয়টো কাগজ নিৰ্মাণ কাৰখানা স্থাপন কৰিছিল ৷ এইটো আছিল উজনি অসম আৰু ইয়াৰ কাষৰীয়া ৰাজ্য মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাৰ একমাত্ৰ প্ৰধান উদ্যোগিক প্ৰতিষ্ঠান ৷ ইয়াত বাঁহৰ পৰা লিখা আৰু ছপাৰ কাগজ আৰু বাতৰি কাকতৰ কাগজ নিৰ্মাণ কৰা হয় ৷ কাছাৰ কাগজ কলৰ বাৰ্ষিক উৎপাদন ক্ষমতা আছল ১,০০,০০০ মেট্ৰিক টন ৷ দূৰৱৰ্তী স্থানত আন্তঃগাঁথনিগত বহু অসুবিধাৰ মাজতো কাচাৰ পেপাৰ মিলৰ অবিৰত উন্নতিৰ অভিলেখ আছে ৷ ২০০৬-০৭ চনৰ ভিতৰত মিলটোৱে ১০৩ শতাংশ ক্ষমতা ব্যৱহাৰৰ ওপৰত পঞ্জীয়ন কৰি সৰ্বাধিক বাৰ্ষিক উৎপাদন ১,০৩,১৫৫ মেট্ৰিক টন ৰেকৰ্ড কৰে, যিটো পূৰ্বৰ বছৰৰ ভিতৰত ১০০ শতাংশ আছিল ৷ কিন্তু কেঁচামালৰ নাটনিৰ সন্মুখীন হোৱা বাবে এই কাৰখানাটো বন্ধ হৈ পৰে ৷ 

২,৯১৬ বিঘা ভূমিত স্থাপিত কাচাৰ পেপাৰ মিলৰ বিশাল এৰিয়াটো পাহাৰ আৰু গছ- গছনিৰে ভৰা প্ৰাকৃতিক ৰূপেৰে ভৰপুৰ এক সুন্দৰ পৰিবেশ আছিল৷ মিল এৰিয়াৰ ভিতৰত কৰ্মচাৰী সকলৰ কোৱাৰ্টাৰ, চিলড্ৰেন ডেভেলপমেন্ট চেন্টাৰ, গেৰেজ, পাহাৰৰ মাজত এটা সুন্দৰ মন্দিৰ, মাৰ্কেট কমপ্লেক্স, কমিউনিটি চেন্টাৰ, খেলপথাৰ, স্কুল আদিৰে ভৰপুৰ আছিল ৷ উল্লেখযোগ্য যে আৰ্থিক সংকটৰ বাবে বন্ধ হোৱা বুলি কোৱা উদ্যোগটো বন্ধৰ কেইদিনমান আগত বিদেশৰ পৰা এটা কোটি টকীয়া নতুন উন্নতমানৰ মেচিন কিনি আনিছিল আৰু সেইটো ব্যৱাহাৰ নকৰাকৈ বাহিৰতে পৰি থাকিল৷

ধবংশ কৰা হ’ল হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে অসমত প্ৰতিষ্ঠা কৰা দুটাকৈ বৃহত কাগজ কল |Two large paper mills established by Hindustan Paper Corporation Limited in Assam were destroyed

বিদেশৰ পৰা অনা বিশাল বিশাল ফুল অটো’মেটিক মেচিনবোৰ সুকলমে চলি থকা অৱস্থাত যিহেতু বহুটন কাগজ মিলটো বন্ধ হোৱাৰ দিনলৈকে উৎপাদন হৈয়ে আছিল৷ কাৰন বৰ্তমান কাৰখানাটো ভাঙি দিয়াৰ আগলৈকে উৎপাদিত বহু টন কাগজৰ ৰোল হ’লত পৰি আছিল৷

ধবংশ কৰা হ’ল হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে অসমত প্ৰতিষ্ঠা কৰা দুটাকৈ বৃহত কাগজ কল |Two large paper mills established by Hindustan Paper Corporation Limited in Assam were destroyed

বৰ্তমানৰ অৱস্থা :

অসম চৰকাৰে যোৱা ২০২২ চনৰ  ২৮ মাৰ্চত জাগীৰোড আৰু পঞ্চগ্ৰামত থকা হিন্দুস্তান কাগজ নিগম [এইচপিচি]ৰ দুটা বন্ধ হৈ থকা কাগজ কল ৩৭৫ কোটি টকাত অধিগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷

বৰ্তমান নগাঁও কাগজ কল আৰু কাচাৰ কাগজ কলটো বন্ধ আৰু লিকুইডেচন চলি আছে ৷

হিন্দুস্তান কাগজ নিগমৰ বন্ধ হৈ থকা অসমৰ মৰিগাঁও জিলাৰ জাগীৰোড কাগজ কলৰ ৫৫০ একৰ মাটিত এখন চেটেলাইট টাউনশ্বিপ গঢ়ি তোলাৰ প্ৰস্তাৱত অনুমোদন জনাইছে অসম কেবিনেটে আৰু এই চেটেলাইট টাউনশ্বিপৰ উন্নয়নৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক বিশেষ ৰূপায়ণ সংস্থা হিচাপে নিযুক্তি দিয়ে ৷

৪ মাৰ্চ, ২০২৫ মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে মৰিগাঁও জিলাৰ জাগীৰোডত স্থাপন হ’বলগীয়া ইলেক্ট্রনিক চিটিৰ নাম প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ নামেৰে নামাকৰণ কৰা হ’ব৷ শৰ্মাই কয় যে আজি আমি জাগীৰোডৰ ইলেক্ট্রনিক চিটিৰ নাম ৰতন টাটা ইলেক্ট্রনিক চিটি, জাগীৰোড হিচাপে ৰখাৰ সিদ্ধান্ত লৈছো৷ ৰতন টাটাৰ যোৱা ২০২৪ চনৰ ৯ অক্টোবৰত ৮৬ বছৰ বয়সত মৃত্যু হয়৷

আনহাতে -

হাইলাকান্দিৰ পঞ্চগ্ৰামত বন্ধ হোৱা কাছাৰ কাগজ কলৰ ২০ একৰ ভূমিত অত্যাধুনিক প্ৰযুক্তি কেন্দ্ৰ স্থাপনৰ আয়োজন কৰা হৈছে ৷ ২০০ কোটি টকাৰ এই প্ৰকল্পটো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ অধীনত ইণ্ডিয়ান ৰেলৱে কনষ্ট্ৰাকচন এণ্ড ইণ্টাৰনেশ্যনেল লিমিটেডে সম্পন্ন কৰিব ৷

কাগজ কল দুটাৰ প্ৰকাশ হোৱা বিভিন্ন নিউজৰ সংক্ষিপ্ত ৰূপ ঃ

১৷ ২০১৬ চনৰ ২৭ মাৰ্চত কালিনগৰত অনুষ্ঠিত হোৱা বৃহৎ সমাৱেশৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কাগজ উদ্যোগ পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

২৷ ২০১৯ চনত কংগ্ৰেছে দিল্লীত পুনৰ ক্ষমতা দখল কৰিলে ৰাহুল গান্ধীয়ে জাগীৰোড আৰু কাছাৰত বন্ধ কাগজ কল পুনৰ আৰম্ভ কৰিম বুলিও তেওঁ দৃঢ়তাৰে কয৷ - By Barak Bulletin - ২৭ ফেব্ৰুৱাৰী, ২০১৯

৩৷ অসম উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে মিল দুটা পুনৰুজ্জীৱিত হ’ব বুলি ঘোষণা কৰাই নহয়, ৰাজহুৱা খণ্ডৰ হিন্দুস্তান কাগজ নিগমৰ মুখ্য কাৰ্যালয় গুৱাহাটীলৈ স্থানান্তৰ কৰা বুলিও উল্লেখ কৰিছিল ৷ আনহাতে তেতিয়াৰ কেন্দ্ৰীয় গধুৰ উদ্যোগ মন্ত্ৰী বাবুল সুপ্ৰিয়োৱে দুবছৰ পূৰ্বে নমামি বৰাক মহোৎসৱৰ সময়ত শিলচৰ ভ্ৰমণৰ সময়ত ৰাজহুৱা ঘোষণা কৰিছিল যে জাগীৰোড আৰু পঞ্চগ্ৰাম কাগজ কল পুনৰুজ্জীৱিত হোৱাৰ প্ৰক্ৰিয়া চলি আছে ৷ – চেণ্টিনেল ডিজিটেল ডেস্ক, ২১ জুলাই ২০১৯

৪৷ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল শীঘ্ৰে পুনৰুজ্জীৱিত কৰাৰ দাবীত শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ জাগীৰোড ইউনিটে ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷ – Sentinel Digital Desk, Published on 13 Sep, 2020

৫৷ Paper mill employees want Sarma as chief minister হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামস্থিত কাছাৰ কাগজ কল আৰু মৰিগাঁও জিলাৰ জাগীৰোডৰ নগাঁও কাগজ কলৰ স্বীকৃতিপ্ৰাপ্ত ইউনিয়নৰ যুটীয়া কাৰ্য্যকৰী সমিতিয়ে সোমবাৰে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিলসমূহৰ প্ৰতি অসাৱধানতাৰ ফলত বিগত পাঁচ বছৰত উদ্যোগসমূহৰ ৮৫ জন কৰ্মচাৰীৰ মৃত্যু হৈছে আৰু সেয়েহে উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ মুখ্য কৌশলবিদ ড॰ হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ বাবে কমিটীয়ে পৰামৰ্শ আগবঢ়ায়৷ – The Times of India, May, 4, 2021

৬৷ হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডৰ লিকুইডেটৰ কুলদীপ ভাৰ্মাই ৩ ছেপ্টেম্বৰৰ পৰা ১৫ দিনৰ ভিতৰত দুটা বন্ধ হৈ যোৱা কাগজ কলৰ কৰ্মচাৰীক চৰকাৰী কোৱাৰ্টাৰ খালী কৰিবলৈ, দুটা ইউনিটৰ ভৌতিক সম্পত্তি বিক্ৰীৰ সুবিধাৰ বাবে,  অন্যথা আইনী ব্যৱস্থাৰ সন্মুখীন হ’বলৈ জাননী প্ৰদান কৰিছে ৷

নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছৰে পৰা চৰকাৰে দুবাৰকৈ আমাৰ সৈতে বৈঠকত মিলিত হৈছিল ৷ একেটা বিষয়কে লৈ কাইলৈ বিয়লি ৪ বজাত গুৱাহাটীতো আমাৰ এখন বৈঠক হ’ব৷ চৰকাৰৰ লগত এতিয়ালৈকে আমাৰ আলোচনা ভালদৰে চলি আছে যদিও তেওঁলোকে কেতিয়াবা বৈঠকত আন কিবা এটা সিদ্ধান্ত লয় আৰু ইয়াৰ বাহিৰত আন কিবা এটা সংবাদ মাধ্যমত কয়৷ 

নেশ্যনেল কোম্পানী ল’ ট্ৰিবিউনেলে ২৬ এপ্ৰিলত লিকুইডেটৰক নেশ্যনেল কোম্পানী ল’ আপীল ট্ৰিবিউনেলৰ সিদ্ধান্ত অনুসৰি এইচ পি চি এলৰ বন্ধ কাগজ কল দুটাৰ সকলো সম্পত্তি বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছিল আৰু সেই অনুসৰি একেটাৰ বাবে ৩০ জুন তাৰিখে লিকুইডেটৰে ৫০ লাখ টকাৰ সংৰক্ষিত মূল্যৰে ই-নিলাম জাৰি কৰিছিল৷ মুল্য নিৰ্ধাৰিত আছিল ১,১৩৯ কোটি টকা কিন্তু ১৫ জুনত জমা দিয়াৰ শেষ তাৰিখলৈকে নিবিদাকাৰীৰ অনুপলব্ধতাৰ বাবে বাতিল কৰা হয়৷

চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমক জনাইছে যে সকলো ক্ষতিপূৰণৰ সম্পূৰ্ণ পৰিশোধ নোপোৱালৈকে কোনেও কোৱাৰ্টাৰ খালী কৰিবলৈ যোৱা নাই ৷

জাগীৰোড কাগজ কলৰ কৰ্মচাৰীসকলেও পূৰ্বে অভিযোগ উত্থাপন কৰিছে যে উচ্ছ পৰ্যায়ৰ বিষয়াসকলৰ মাজত ৰাজনীতিৰ ফলত মিলসমূহ বন্ধ হৈ পৰিছিল ৷

ইফালে অসমৰ কেইবাটাও বিৰোধী দলে বিষয়টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যিক মন্ত্ৰীৰ হস্তক্ষেপ আৰু কাগজ কল পুনৰুজ্জীৱিত কৰিবলৈ বিচাৰিছে ৷ – ইণ্ডিয়া টুডে NE ০৫ ছেপ্টেম্বৰ, ২০২১,আপডেট কৰা হৈছে জুন ২৯, ২০২২

কাগজ কল দুটা ধবংশৰ পিছত ঃ

নগাঁও আৰু কাছাৰ কাগজ কল উভয়ৰে স্বীকৃতিপ্ৰাপ্ত ইউনিয়নৰ যুটীয়া কাৰ্যকৰী সমিতিৰ সভাপতি মনাবেন্দ্ৰ চক্ৰৱৰ্তীয়ে জনোৱা মতে, কাগজ কল দুটাত প্ৰায় ৩,৬০০ কৰ্মচাৰী, ২৪,০০০ ঠিকাভিত্তিক শ্ৰমিক আৰু দুই লাখৰো অধিক যোগানকাৰী আৰু ঠিকাদাৰ দুয়োটা মিলৰ সৈতে জড়িত আছিল ৷

কাগজ কলদুটাৰ কৰ্মচাৰীসকলৰ মতে, উপযুক্ত চিকিৎসা আৰু ধনৰ অভাৱত বৰ্তমানলৈকে ৯৩ জন কৰ্মচাৰীৰ মৃত্যু হৈছে৷ ইয়াৰে তিনিজনে আত্মহত্যা কৰে ৷

এই কাগজ কল দুটা বন্ধ হোৱাৰ ফলত চুবুৰীয়া পাহাৰীয়া জিলা দুখন য’ৰ পৰা কেঁচামাল সংগ্ৰহ কৰা হৈছিল তাত ভয়াৱহ প্ৰভাৱ পৰিছে ৷ কাৰবি আংলং আৰু ডিমা হাছাও আছিল কাগজ কলৰ দুটা মূল কেঁচামালৰ উৎস ৷ কাগজ কল দুটা চলি থকা সময়ত এই বাঁহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হৈছিল ৷ বৃহৎ সেউজীয়া এলেকাসমূহ কাগজ কল পৰিচালনাৰ পট্টাত লৈ ঠিকাদাৰৰ সহায়ত কেঁচামাল উঠাই লোৱা হয় ৷ মিল বন্ধ হোৱাৰ পিছত জিলা দুখনৰ এই বাঁহৰ সম্পদ পুনৰ অব্যৱহৃত হৈ পৰে ৷ 

উত্তৰ-পূব অঞ্চলৰ দুটাকৈ বিশাল কাগজ কল চলোৱাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কেঁচামাল হ’ল বাঁহ আৰু ই উত্তৰ-পূবৰ পাহাৰীয়া অঞ্চলৰ অৰণ্যসমূহ ভৰি থাকে ৷ বিশেষকৈ মিজোৰাম আৰু নগালেণ্ডৰ বনাঞ্চলত বাঁহৰ পৰিমান বহু বেছি ৷ পাহাৰীয়া ৰাজ্যসমূহত বাঁহ এটা সম্প্ৰদায়ৰ উৎপাদিত সামগ্ৰী হোৱাৰ বাবে অঞ্চলটোৰ খিলঞ্জীয়া জনজাতীয় সম্প্ৰদায়সমূহে গুৰুতৰ আৰ্থ-সামাজিক সমস্যাৰ সন্মুখীন হ’ব ৷ জাগীৰোড আৰু পঞ্চগ্ৰামৰ কাগজ কল দুটাৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত এই সকল লোকৰ অৱস্থা এতিয়া কি হ’ব ৷ আৰু এই বাঁহ সমুহ কিহত ব্যবহাৰ কৰিব ৷ যাৰ দ্বাৰা বহু খিলঞ্জীয়া লোক প্ৰত্যক্ষ বা পৰোক্ষ ভাবে আৰ্থিক ভাবে সামান্য হলেও লাভান্বিত হৈছিল ৷

ধবংশ কৰা হ’ল হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন লিমিটেডে অসমত প্ৰতিষ্ঠা কৰা দুটাকৈ বৃহত কাগজ কল |Two large paper mills established by Hindustan Paper Corporation Limited in Assam were destroyed

কাগজ কল দুটাৰ উৎপাদিত বছৰি লাখ টন কাগজৰ স্থান এতিয়া কোনে পুৰাব ঃ

উল্লেখযোগ্য যে হিন্দুস্থান পেপাৰ কৰ্পৰেচনে প্ৰতিষ্ঠা কৰা জাগিৰোড কাগজ কল আৰু কাচাৰ কাগজ কল দুটাৰ উৎপাদিত কাগজ অতি উন্নতমানৰ কাগজ আছিল ৷ যি ভাৰতীয় বজাৰত এক উচ্ছ আসন লাভ কৰিছিল লগতে ঘৰুৱা উদ্যোগ হিচাপে দেশখনৰ ঘৰুৱা অৰ্থনীতিত কিছু হলেও যোগ দান আগবঢ়াইছিল ৷ দুয়োটা কাগজ কলৰ পৰা বছৰি দুই লাখ মেট্ৰিক টন কাগজ উৎপাদন কৰি দেশখনক যোগান ধৰিছিল৷ এই মিল দুটা বন্ধ হোৱাৰ পাছত এই স্থান কেনেকে পুৰণ কৰিছে৷ কাৰণ কাগজটো লাগিবই আৰু দুই লাখ মেট্ৰিক টন কাগজ কমটো নহয় ৷ ভাৰতবৰ্ষ বাদেই অসম খনতেই কিমান স্কুল-কলেজ, অফিচ-কাছাৰি, জেৰক্স, নিউজ পিপাৰ প্রিন্টিং, চৰকাৰী বা ব্যক্তিগত সৰু ডাঙৰ অসংখ্য প্রিন্টিং প্ৰেছ আদি আছে ৷ য’ত প্ৰতিদিনেই অজস্ৰ পেপাৰৰ প্ৰয়োজন হয় ৷ এই পেপাৰবোৰ কৰ পৰা আহিছে ৷ নিশ্চয় বাহিৰৰ পৰা আনিব লগীয়া হৈছে৷ দিনে দিনে কাগজৰ মূল্য কিমান বৃদ্ধি হ’ল ল’ৰা-ছোৱালীৰ লিখা কাগজ-বহীৰ মূল্য যোৱা কেইবছৰ মানৰ পৰা ইমান বাঢ়িল কিয় ? এনে স্থলত য’ত কেছামাল ভৰপুৰ আছে, উদ্যোগ আছিল, কৰ্মচাৰী আছিল সেইবোৰ ধবংশ কৰি দিয়াটোহে বুদ্ধিমানৰ কাম হ’ল নেকি ?

শেষত ঃ

যেতিয়া এই কাগজ কল দুটা প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া ৰাইজে ভাবিছিল আৰু আশা কৰিছিল আমাৰ এতিয়া ভাল হ’ব ইণ্ডাষ্টি হ’লে আমাৰ মানুহে চাকৰি পাব, বিভিন্ন ধৰণৰ ব্যৱসায়-বাণিজ্য চলিব মুঠৰ ওপৰত ৰাইজে ভালদিন অহা বুলিয়েই ভাবিছিল নিশ্চয় ৷ তাত এটা চাকৰি পাবৰ কাৰণে কিমান আশা কৰিছিল, তেনেদৰে চাকৰিও হয়তু বহুতে পাইছিল আৰু জীৱনটো নিশ্চিন্ত মনে চলিব পাৰিব বুলি নিশ্চিন্ত হৈছিল ৷ কিন্তু ২২ বছৰ পিচত কি হ’ল ? এই প্ৰতিষ্ঠান বন্ধ হৈ গ’ল আৰু সেই হেপাহৰ, বহুতু কল্পনাৰ চাকৰিতো নেহোৱা হৈ গ’ল ৷ জীৱনটো নিশ্চিন্ত মনে চলা হেপাহৰ চাকৰিটোৰ কাৰণেই এটা সময়ত দৰমহা নাপাই বহুতে আত্ম্যহত্যা কৰিব লগা হ’ল ৷ বহুতে হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰিব লগা হ’ল ৷ জীৱনৰ মুল্যবান সময়খিনি চাকৰিটোৰ নামত গুচি গ’ল এতিয়া কি কৰিব ? এতিয়া আকৌ নতুন প্ৰতিষ্ঠান আৰম্ভ কৰিব ৰাইজ আকৌ হয়তু উৎফুল্লিত ৷ নতুন যুগ আহিল নতুন দিন আহিব কিন্তু ২০-২২ বছৰ পিছত বা কি হয় ? এনেদৰে এচাম মানুহৰ জীৱন আকৌ অনিশ্চিয়তাৰ ফালে যাব নেকি ? তাক সকলোৱে গভীৰ ভাবে অধ্যয়ন কৰিব লাগিব ৷ কোনো এটা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰি তাক পুনৰ ধবংস কৰাতো কোনো ভাল কথা হ’ব নোৱাৰে ৷ তাক পুনৰুজ্জিৱিত কৰি তাক আধুনিক কৰাৰ লগতে উন্নত কৰি অধিক কাৰ্য্যক্ষম কৰি গঢ়ি তোলাতোহে প্ৰকৃত কাম ৷ কাৰণ তাত সকলো আছেই কৰ্মচাৰিৰ পৰা সা-সৰঞ্জামলৈকে মাত্ৰ উন্নিতকৰণ কৰিলেইতো হ’ল ৷ তাকে নকৰি সম্পূৰ্ণ ধবংস কৰি আচ-বাব অদৰে মদৰে বিক্ৰি কৰি কৰ্মচাৰি সকলৰ জীৱন ধবংস কৰি দিয়াতো কেতিয়াও উন্নয়ন হ’ব নোৱাৰে ৷ আনহাতে মিল দুটাত ব্যৱহাৰ হোৱা মুল কেচা মাল আছিল বাঁহ ৷ এই বাঁহৰ পৰা প্ৰদুষণ হয়তু একেবাৰে কম আছিল৷ মিল দুটাৰ এলেকাত সুন্দৰ সেউজীয়া গছ-গছনী, পাহাৰ আদিৰে এক সুন্দৰ প্ৰাকৃতিক পৰিবেশ আছিল ৷ বৰ্তমান সেইবোৰ সকলো ভাঙি-চিঙি তাত ডাঙৰ ডাঙৰ কংক্ৰীটৰ শীত-তাপ নিয়ন্ত্ৰিত অট্টালিকাৰে ভৰি পৰিব ৷ হ’বলগীয়া আধুনিক ফেক্টৰীৰত বা কি কেচা মাল ব্যৱাহৰ হয় তাৰ পৰা হোৱা প্রদূষণে বা অনাগত দিনত কি ৰূপ লয় তাক সময়হে ক’ব ৷

সদৌশেষত ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰি জাগিৰোড আৰু কাচাৰ কাগজ কলৰ সকলো কৰ্মচাৰী তথা পৰিয়ালবৰ্গৰ ভৱিষ্যৎ সুৰক্ষিত হওঁক তেওঁলোকৰ প্ৰাপ্য লাভ কৰক এয়ে সকলো পক্ষৰ ওচৰত প্ৰাৰ্থনা, নমস্কাৰ৷

Comments