নৰনাৰায়ণ সেতু : মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত তৃতীয়খন দলং ꘡Narnarayan Bridge : The third bridge over the mighty Brahmaputra
শক্তিশালী মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত তৃতীয়খন দলং এই নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰে’লপথ সংযোগী দলং৷ এইখন ডাবল ডেক ৰেল-কম-ৰোড-ব্ৰিজ য’ত ডেকৰ তলৰ অংশত ৰেলপথ আৰু ওপৰৰ অংশত এটা পথ আছে৷ এই নৰনাৰায়ণ সেতুৰ দ্বাৰা উত্তৰ দিশত বঙাইগাঁও জিলাৰ এখন চহৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ এখন চহৰ পঞ্চৰত্ন সংযোগ কৰা হৈছে৷ সেয়ে এই দলঙখন পঞ্চৰত্ন সেতু নামেৰেও জনাজাত৷
ষোড়শ শতিকাৰ কোঁচ ৰজা নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে৷
এই যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল৷ ১৯৮৭ চনৰ ডিচেম্বৰ মাহত এই সেতু নিৰ্মাণৰ বাবে প্ৰথমে সন্মতি প্ৰদান কৰা হয়৷ তাৰ ১৫ বছৰৰ পিছত ১৯৯৮ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেতু উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে৷ নিৰ্মাণৰ কাম কৰিছিল দ্য ব্ৰেইথৱেইট বাৰ্ন এণ্ড জেছপ কনষ্ট্ৰাকচন কোম্পানী লিমিটেড [বিবিজে] ৰ কনচৰ্টিয়ামে৷ এই দলংখন ৰাষ্ট্ৰীয় ঘাইপথ ১৭, পূৰ্বৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অৱস্থিত৷ এই সেতুৰ দ্বাৰা অসম আৰু মেঘালয়ৰ মাজত দ্ৰুত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে৷ ৰে’লপথে যোগীঘোপা ষ্টেছনৰ পৰা কামাখ্যা জংছনলৈ সংযোগ কৰিছে৷ অসম আৰু মেঘালয়ৰ মাজৰ ব্যৱধান দূৰ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা নৰনাৰায়ণ সেতু অভিযান্ত্ৰিক আ(ৰ্য্য নিৰ্মাণত ইয়াৰ অধিগাঁথনিৰ বাবে ৩৫,৫০০ মেট্ৰিক টন তীখা ব্যৱহাৰ কৰা হৈছিল৷
নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য ২.২৮৪ কিলোমিটাৰ৷ বহল ১১.৫০ মিটাৰ আৰু গভীৰতা ১৮.৫০ মিটাৰ৷ এই সেতু নিৰ্মানত মুঠ ৩৬৮ কোটি টকা ব্যয় কৰা হয়৷
নৰনাৰায়ণ সেতু ঃ
১৷ উপ নাম - পঞ্চৰত্ন সেতু
২৷ আধাৰ শিলা - ১৯৮৩ চনৰ ১১ নৱেম্বৰত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী৷
৩৷ নিৰ্মাণ আৰম্ভ - ১৯৮৭ চনৰ ডিচেম্বৰ মাহ৷
৪৷ মুকলি - ১৯৯৮
৫৷ উদ্ঘাটন - ১৯৯৮ চনৰ ১৫ এপ্ৰিল সেই সময়ৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী৷
৬৷ তদাৰক সংস্থা - অসম চৰকাৰ
৭ ৷ ডিজাইনাৰ - ট্ৰাছ ব্ৰিজ
৮৷ মুঠ দৈৰ্ঘ্য - ২.২৮৪ কিলোমিটাৰ [১.৬ মাইল]
৯৷ বহল - ১১.৫০ মিটাৰ [৩৭.৭৩ ফুট]
১০৷ নিৰ্মাণ ব্যয়- ৩৬৮ কোটি টকা
১১৷ নিৰ্মাতা- দ্য ব্ৰেইথৱেইট বাৰ্ন এণ্ড জেছপ কনষ্ট্ৰাকচন কোম্পানী লিমিটেডৰ এক সন্মিলিত গ্রুপ৷
Comments
Post a Comment