বাইক ৰাইডিঙেৰে বিশ্ব ভ্ৰমণ কৰা প্ৰথম গৰাকী মহিলা অসম জিয়ৰী মীনাক্ষী দাস৷Meenakshi Das is the first woman to travel the world by bike riding

অসম জীয়ৰী মীনাক্ষী দাস এগৰাকী ফিটনেছ ট্ৰেইনাৰ আৰু এগৰাকী বাইকাৰ৷ ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁ এককভাৱে মটৰ চাইকেলত পৃথিৱীখন চাবলৈ ৰাওনা হয়৷ তেওঁৰ লক্ষ্য হৈছে সমগ্ৰ বিশ্বতে এককভাবে বাইক চলোৱা প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস সৃষ্টি কৰা৷

বিশ্বৰ ৬৭খন দেশ মটৰ চাইকেলেৰে ভ্ৰমণ কৰাৰ লক্ষ্য ৰাখি বৰ্তমান ৬৫খন দেশত তেওঁৰ ভ্ৰমণ সম্পূৰ্ণ কৰিছে৷ যাত্ৰাত তেওঁৰ হাতত মাথোঁ দুটা চেট ৰাইডিং গিয়াৰ, দুটামান ডাঠ জেকেট আৰু নিজৰ বাবে কিছু কাপোৰৰ বাহিৰে আন একো নাছিল৷ তেওঁ কয় যে- মই এটা কথা শিকিছে, - “যেতিয়া তেওঁলোকে সহায় আগবঢ়ায় তেতিয়া কোনেও চিন্তা নকৰে মই কি ধৰ্ম অনুসৰণ কৰো ’৷ 

মীনাক্ষীয়ে কয়, “মই মোৰ পৰিয়ালক কৈছিলো যে মোক এবছৰ সময় দিবা যাতে মই সমগ্ৰ বিশ্বতে এই একক বাইক ৰাইডটো কৰিব পাৰো৷ এতিয়ালৈকে কোনো মহিলাই নকৰা কাম এটা কৰিবলৈ মন গল৷ ইয়াৰ উপৰিও মোৰ ভয়ক জয় কৰি বিশ্বক কবলৈ যে মহিলাসকলে নিজৰ মন মেলিলে যি বিচাৰে তাকে কৰিব পাৰে৷”

সিদ্ধান্তটো কঠিন আছিল, ভাৰতৰ বাহিৰত কোনো পৃষ্ঠপোষক আৰু কোনো পৰিয়াল নাছিল, কিন্তু নতুন মানুহক লগ পোৱা, নতুন কথা শিকিবলৈ আৰু এনেকুৱা কাম কৰিবলৈ উৎসাহিত হৈছিেলা যিটো আনন্দৰ কোনো সীমা নাই৷ তেওঁ যোৱা প্ৰথম দেশখন আছিল নেপাল৷ তাৰ পৰা মুম্বাইলৈ গৈ তেওঁৰ সঙ্গি বাইকখনলৈ ফ্লাইটত উঠি ডুবাইলৈ গমন কৰে৷ সেইখনেই আছিল তেওঁ দেশৰ পৰা ওলাই যোৱা একমাত্ৰ বিমান৷ 

মীনাক্ষীৰ সমগ্ৰ বিশ্ব যাত্ৰাও কটকটীয়া বাজেটৰ৷ তেওঁ ইন্ধনৰ বাবে যিমান পাৰি সিমান টকা সঞ্চয় কৰি, কেতিয়াবা খাদ্যও ত্যাগ কৰিছে৷ “কিন্তু মই এনেকুৱা আচৰিত মানুহক লগ পাইছো যিয়ে মোৰ বাবে নিজৰ ঘৰ দিছে৷ মোক মুছলমান দেশৰ বহু যুৱকে সহায় কৰিছে; তেওঁলোকে মোক খাদ্য আৰু বাসস্থানৰ প্ৰস্তাৱ দিছে৷ মই এবাৰ ওমানৰ বাছ আশ্ৰয় শিবিৰত আছিলোঁ, চাৰিজন মানুহৰ লগত যিয়ে মোক নিজৰ পৰিয়ালৰ দৰে সুৰক্ষা দিছিল৷ যেতিয়া মোৰ ইৰাকলৈ যাবলৈ ভিছাৰ সমস্যা হৈছিল তেতিয়া জৰ্ডানত এগৰাকী মালয়ালী কণমানি ছোৱালীয়ে প্ৰায় ১৫ দিন তাইৰ ঘৰত থাকিবলৈ দিছিল৷ তেওঁলোক সকলোৱেই একেবাৰে অচিনাকি গতিকে মানৱতাক প্ৰত্যক্ষভাৱে অনুভৱ কৰিছো৷ মোৰ ৰাইডে মোক ধুনীয়া ঠাই, আচৰিত অট্টালিকা আৰু বহুতো দেখুৱাইছে৷ মোৰ জাতি বা ধৰ্মৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া ধুনীয়া মানুহক লগ পোৱাতো ই মোক সহায় কৰিছিল৷ আৰ্মেনিয়াত যেতিয়া দুৰ্ঘটনা সংঘটিত হৈছিল, তেতিয়া আৰ্মেনিয়াৰ দূতাবাসে মোক সহায় কৰিছিল৷ যিয়ে মোক সুস্থ হবলৈ ভাল হোটেলত থকাৰ সুবিধা দিছিল”৷ 

ফিটনেছ ট্ৰেইনাৰ হিচাপে মীনাক্ষীয়ে দীঘলীয়া ৰাইডৰ বাবে প্ৰস্তুতি চলাইছিল৷ “ফিটনেছ বেংকৰ দৰে জমা কৰিব পৰা বস্তু নহয়৷ ইয়াক অনবৰতে খুৱাব লাগে৷ মোক আগুৱাই নিবলৈ সময় পালেই ৱৰ্কআউট কৰো৷ কেতিয়াবা মই বৰ ভাগৰুৱা হৈ পৰো যে নিজকে খাদ্য ঠিক কৰাৰ কথাও ভাবিব নোৱাৰো৷ দিনটোৰ শেষত মোৰ পিঠিখন বিষায়, মোৰ লক্ষ্যই মোক আগুৱাই লৈ যায়৷ কেতিয়াবা বতৰ বা ভিছাৰ সমস্যাৰ বাবে বেছি দিন থাকিব লগা হয়৷ সেইটোৱে মোৰ জিৰণিৰ দিন হিচাপে কাম কৰে৷ ভাৰতীয়, বিশেষকৈ অসমীয়া মানুহে যেতিয়া অসমৰ পঞ্জীয়ন ফলকখন দেখে, তেতিয়া মোক তেওঁলোকৰ ঘৰৰ আলহী কৰি সঁচা অসমীয়া আতিথ্য প্ৰদৰ্শন কৰে৷’’

এই গৰাকী অসমীয়া মহিলাই এতিয়ালৈকে ৬৫খন দেশ মটৰচাইকেলেৰে ভ্ৰমণ কৰাৰ লগতে প্ৰায় ৬৫ হাজাৰ কিলোমিটাৰ পথ বাইক ৰাইডিঙেৰে অতিক্ৰম কৰি প্ৰায় এবছৰৰ মূৰত পুনৰ অসমলৈ ঘূৰি আহিছে৷ তেওঁৰ এই যাত্ৰাত আছে বহুতো ঘাট-প্ৰতিঘাট অকল বাইকখন লৈ চলাই গলেই জানো হ’ব? অকলসৰে নিজৰ পৰিয়াল বিশেষকৈ সন্তানক এবছৰ নেদেখাকৈ থকাটো কিমান বেদনা দায়ক তাৰ উপৰিও ইয়াত আছে ভাষাৰ সমস্যা, নথি-পত্ৰৰ সমস্যা, এখন দেশৰ পৰা আন এখন দেশৰ সীমা অতিক্ৰম কৰাৰ সমস্যা, টকা-পইচা লগতে খাদ্যৰ সমস্যা আৰু সবাতোকৈ ডাঙৰ সমস্যা হ’ল নিজৰ শৰীৰটো থিকে ৰখাটো৷ নিজ শৰীৰটোৰ ওপৰত জ্ঞান আহৰণ কৰা, অনপৰতে বাইক চলাই থকাৰ বাবে শৰীৰটো সক্ষম কৰি ৰখা লগতে শাৰীৰিক পৰিশ্ৰম অনুপাতে খাদ্য আৰু শৰীৰৰ যতন আদি সমস্ত বেলেঞ্চ ৰাখি অকলে ৬৫খন দেশৰ মাজেৰে বাইক চলাই যোৱাটোৱেই নহয়, সেই দেশসমূহৰ সংস্কৃতি, খাদ্য, আচাৰ ব্যৱহাৰ, ভাষা আদি সকলো নিৰিক্ষণ কৰি সৌসাধ্য মূলক ভাবে মিলা-মিচা কৰাৰ যি অভিজ্ঞতা আৰু অনুভৱ নিজৰ মন-মগজুত সাচি ৰখা কিমান কঠিত তাক ভুক্ত ভুগি সকলেহে অনুভৱ কৰিব পাৰিব৷ গতিকে ইয়াৰ বাবে কিমান একাগ্ৰতাৰ প্ৰয়োজন ই অকল্পনীয়৷ 

মিনাক্ষী দাসৰ এই ১১ মহিয়া যাত্ৰাৰ মূল লক্ষ্য হ’ল তেওঁ নিজে এগৰাকী ফিজিকেল ফিটনেচ ট্ৰেইনাৰ আৰু বাইক ৰাইিডং হৈছে তেওঁৰ হবি৷ শাৰীৰিক সক্ষমতা যিহেতু আছে সেয়ে তেওঁ এগৰাকী অসমীয়া হিচাবে অসম তথা নৰ্থইষ্টক বিশ্বৰ আগত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যই হৈছে এই ৰাইডিংৰ মুল লক্ষ্য৷ কাৰণ আমাৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা অসম তথা নৰ্থইষ্টৰ ভিতৰুৱা অঞ্চল সমূহৰ লগতে ইয়াৰ বিভিন্ন সংস্কৃতি বিশ্বৰ টুৰিষ্ট সকলে দেশক আৰু প্ৰচাৰ হওক এই মহান উদ্দেশ্য আগত ৰাখি তেওঁৰ এই অকলশৰীয়া কঠিন যাত্ৰাৰ মুল লক্ষ্য৷ যত তেওঁ সফল হৈছে৷ 

নাম- শ্ৰীমিনাক্ষী দাস

স্বামী- শ্ৰীবেদান্ত ৰাজখোৱা

সন্তান- ১৪ বছৰীয়া এৰাকী ছোৱালী

ঘৰ- গুৱাহাটী [অসম]

বাইক- BAJAJ DOMINAR-400 ; No. AS-01FP-9406

ইউটিউৱ- ৰাইডাৰএমবি

Instagrame- ridertrainermeenakshi

Youtub- https://www.youtube.com/@ridersmb

আনহাতে বিশ্বৰ সৰ্বোচ্ছ মটৰচালিত পথ ‘‘উমলিং লা পাছ’’ ১০ দিন বাইক চলাই জয় কৰা অসম জীয়ৰী মীনাক্ষী দাস আৰু তেওঁৰ স্বামী বেদান্ত ৰাজখোৱা হৈছে ভাৰতৰ ভিতৰত প্ৰথম নৰ্থ-ইষ্ট ৰাইডাৰ কাপোল আৰু মীনাক্ষী হৈছে বীশ্বৰ ভিতৰতে দ্বিতীয় গৰাকী মহিলা৷ 

এই উমলিং লা পাছ [Highest Motorable Pass in the World UMLINGA] হৈছে বিশ্বৰ সৰ্বোচ্ছ মটৰচালিত পথ, ইয়াৰ উচ্ছতা সমুদ্ৰপৃষ্ঠৰ পৰা ৫,৭৯৯ মিটাৰ [১৯,৩০০ ফুট] এই পাছৰ মাজেৰে চিছুমলে আৰু ডেমচক গাঁৱক সংযোগ কৰা উমলিংলা ৰোড গৈছে৷ ভাৰতীয় সীমান্ত পথ সংস্থাই শেহতীয়াকৈ এই পথটো সম্পূৰ্ণ কৰি তুলিছে৷ ২০২১ চনত উমলিং লা বিশ্বৰ সৰ্বোচ্ছ মটৰচালিত পথ হিচাপে গিনিজ ওৱৰ্ল ৰেকৰ্ডৰ সন্মান লাভ কৰে৷ লাডাখৰ আন আন পৰ্বতপথৰ ভিতৰত হল- খাৰদুং লা, চাং-লা, আৰু লানক লা৷

মিনাক্ষী দাসৰ বাইক (BAJAJ DOMINAR-400)

মীনাক্ষী দাসৰ ইউটিউৱ চেনেল ‘‘ৰাইডাৰএমবি’’ (RidersMB) ত চালে দেখিব কিমান ঘাট-প্ৰতিঘাটৰ মাজেৰে এই বাইক ৰাইডিংৰে বিশ্ব ভ্ৰমণ কৰা সমগ্ৰ দৃশ্য৷ সকলো কথাই তেওঁ প্ৰতক্ষ্য ভাবে ব্যখ্যা কৰিছে৷ এইটো আমাৰ উঠি অহা সকলৰ বাবে অতি প্ৰেৰণা দায়ক৷ ইয়াৰ পৰা উঠি অহা ৰাইডাৰ সকলে বহুতো শিকিব পাৰিব আৰু নিজকে আগুৱাই নিয়াত সহায়ক হ’ব৷ 

অনাগত দিনত মীনাক্ষী দাস সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ আৰু আগুৱাই যাওক তাৰে কামনাৰে৷ ধন্যবাদ৷

Comments

Popular posts from this blog

অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ঘোষণা৷ স্থানীয় উপভোক্তা সমিতিয়ে পৰিচালনা কৰিব জলজীৱন আঁচনি সমূহ কেনেদৰে৷ ANNOUNCEMENT BY THE HON'BLE CHIEF MINISTER OF ASSAM HOW LOCAL CONSUMER COMMITTEES WILL MANAGE JAL JEEVAN SCHEMES

সদায় আহাৰৰ সৈতে চাট্‌নি খালে বহুৰোগৰ পৰা মুক্ত হ’ব পাৰি৷ ALWAYS EAT CHUTNEY WITH FOOD TO GET RID OF MANY DISEASES