অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ঘোষণা৷ স্থানীয় উপভোক্তা সমিতিয়ে পৰিচালনা কৰিব জলজীৱন আঁচনি সমূহ কেনেদৰে৷ ANNOUNCEMENT BY THE HON'BLE CHIEF MINISTER OF ASSAM HOW LOCAL CONSUMER COMMITTEES WILL MANAGE JAL JEEVAN SCHEMES

জলজীৱন আঁচনিখনৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে কৰা ঘোষণা-

এই আঁচনিখনৰ প্ৰধান লক্ষ্য হ’ল-

- প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰতিদিনে ৫৫ লিটাৰকৈ বিষুদ্ধ তথা খোৱাৰ উপযোগী পানী যোগান ধৰা৷

- প্ৰতিদিনে ৰাতিপুৱা ৬ বজাৰ পৰা জ্জ বজালৈ আৰু আবেলী চ্ছ্ৰ বজাৰ পৰা প্ত বজালৈ দুবেলা বানী যোগান ধৰা৷

- এই আঁচনিৰ বাবে অনুমোদিত প্ৰকল্প ব্যয়ৰ বাবে ৯৫ শতাংশ ধন চৰকাৰে ব্যয় কৰিব অৱশিষ্ট প্ত শতাংশ সংশ্লিষ্ট উপভোক্তা ৰাইজে হিতাধিকাৰী অনুদান হিচাবে বহন কৰিব লাগে৷ মানে হিতাধিকাৰীৰ পদুলিত পানীৰ টেপ স্থাপন কৰালৈকে যি খৰচ সেয়া চৰকাৰে বহন কৰিব আৰু টেপটো বহুৱাৰ পাছত তাৰ তলত এখন পকী প্লেট নলা সংযোগ কৰি তাৰ পৰা কিছুদুৰত এটা চকপিত বহুৱাৱ লাগে নিজৰ খৰচত৷ যাতে পানীখিনি জমা হৈ বোকা নহয় পৰিষ্কাৰ হৈ থাকে আৰু পানীটো তললৈ গৈ বাৰীৰ খেতিবাতী জীপাল কৰি ৰাখিব৷

আৰু লগতে আঁচনিখন সু-পৰিচলনাৰ বাবে নিৰ্ধাৰিত নিম্নতম মাহিলী মাছুল সময় মতে পানী উপভোক্তা সমিতিক জমা দিব লাগিব৷

- সংশ্লিষ্ট গাওঁ পঞ্চায়তৰ প্ৰতিনিধিৰ সৈতে যুক্ত হৈ পানী উপভোক্তা সমিতিখন যাতে কাৰ্য্যক্ষম হয় তাক নিশ্চিত কৰিব লাগিব৷ অন্যথাই বিজুলি আদি খৰচৰ অভাৱত এই আঁচনি সমূহ নিস্ক্ৰিয় হৈ পৰিব৷ সেয়ে মুখ্যমন্ত্ৰী মহোদয়ে ৰাইজক অনুৰোধ কৰি কয় যে- নিমিত্ত মাত্ৰ পুঁজি বিষুদ্ধ খোৱা পানীৰ বাবে আপোনালোকে ব্যয় কৰক ই আপোনালোকক এক নিৰুগী জীৱন যাপনত সহায় কৰিব৷ 

এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ৰাইজৰ সকলোৱে মিলি গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ বিষুদ্ধ খোৱা পানী যোগান সুনিশ্চি কৰাৰ আহ৩ান জনায়৷

এই আঁচনিখনৰ নিয়ম সমুহ-

প্ৰথম সমিতি গঠন বিভাগীয় নিয়ম অনুসৰি সমিতিখন এনেধৰণৰ হ’ব লাগিব-

১৷ এজন সভাপতি

২৷ এজন উপসভাপতি

৩৷ এজন সাধাৰণ সম্পাদক

৪৷ এজন কোষাধক্ষ্য

৫৷ ১০ জন সাধাৰণ সদস্য [অঞ্চল অনুপাতে ২৫ জনলৈ হ’ব পাৰে] 

৬৷ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট ক্ষেত্ৰীয় বিষয়া আৰু বহুগাওঁ জড়িত হৈ থকা কেন্দ্ৰীয় পানী উপভোক্তা সমিতিৰ ক্ষেত্ৰত পানী উপভোক্তা সমিতিখনৰ অতিথি সদস্য হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট কায্যবাহী অভিযন্তা বা তেওঁৰ দ্বাৰা কতৃত্বপ্ৰদত্ত বিষয়া, 

৭৷ গাওঁ পঞ্চায়ত, গাওঁ পৰিষদ, উন্নয়ন সমিতি পয্যায়ৰ পানী আৰু অনাময় সমিতিৰ সভাপতি বা তেওঁৰ দ্বাৰা কতৃত্ত্বপ্ৰদত্ত ব্যক্তি, 

৮৷ পানী উপভোক্তা সমিতিৰ সাধাৰণ সদস্য পদৰ বাবে উপভোক্তা ৰাইজৰ উপৰিও তলত উল্লেখ কৰা সামাজিক শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিকো অগ্ৰাধিকাৰৰ ভিত্তিত অন্তভুক্ত কৰিব লাগে৷ স্থানীয় মহিলা সমিতি, স্থানীয় শৈক্ষিক প্ৰতিষ্ঠান, স্থানীয় স্বেচ্ছাসেৱী সংগঠন, স্থানীয় সমাজসেৱী, লেখক, চিন্তাবিদ লগতে আশাকমীৰ্, অংগনবাদী কমীৰ্ আৰু গাওঁপ্ৰধান৷

৯৷ এখন যিকোনো বেঙ্কত পাচবুক থাকিব লাগে৷

১০৷ পানীৰ গুণা গুণ পৰিক্ষা কৰা, যিহেতু পানী বিষুদ্ধ আৰু খোৱাৰ উপযোগী হ’ব লাগিব৷

১১৷ কেম্পাচটোত শোভাবদ্ধৰ্নৰ ব্যৱস্থা কৰা৷

১২৷ এজন জলমিত্ৰ থাকিব৷

১৩৷ এগৰাকী জল সখি থাকিব লাগিব৷

পাৰিতোষিক আৰু অন্যান্য খৰচ-

- জলমিত্ৰৰ পাৰিতোশিক ৬০০০ টকা আৰু বিজুলি বিল পঞ্চদশ বৃত্তিয় আয়োগৰ পৰা পঞ্চায়তে বহন কৰিব৷

- জল সখীৰ পাৰিতোশিক উপভোক্তা সমিতিয়ে নিৰ্ধাৰণ কৰিব বা তেওঁৰ পাৰিতোশিক হিতাধিকাৰীৰ মাহিলী মাছুলৰ পৰা ১০ শতাংশ দিব লাগে৷

পানীয়েই জীৱনৰ প্ৰাণ মানে ধৰাৰ বুকুত থকা সকলো জীৱৰে প্ৰাণ হৈছে পানী গছ, লতা জীৱ-জন্তু, মাটী-বালী সকলোকে পানী লাগে, কিন্তু বৰ্তমান প্ৰকৃতীৰ অভাৱনীয় পৰিৱৰ্তনৰ লগে লগে এই পানীৰ সংকট আহি পৰিছে৷ আগৰ সেই নদ-নদী, পুখুৰী আদিৰ পৰিৱেশ বিনষ্ট হৈছে প্ৰায় লুপ্ত হৈ পৰিছে৷ গতিকে এক মাত্ৰ চৰকাৰী এই পানীযোগান আঁছনিয়েই হৈছে ৰাইজৰ খোৱপানীৰ একমাত্ৰ উৎস৷ গতিকে বৰ্তমান চৰকাৰৰ নিয়ম অনুসৰি এই পানীযোগান আঁচনি সমূহ স্থানীয় সমিতিয়ে পৰিচালনা কৰিব গতিকে আমি সকলোৱে এই সমিতিসমূহ নিৰপেক্ষ ভাবে তদাৰক কৰি ৰাইজৰ পানীটুপি কোনো অসুবিধা নোহোৱকে যাতে সময় মতে পায় তাৰ বাবে আগভাগ লওঁ আৰু পানী সদব্যৱহাৰ আৰু অপচয় ৰোধ কৰাৰত সজাগ হওঁ৷ নমস্কাৰ৷ 

Comments

Popular posts from this blog

বাইক ৰাইডিঙেৰে বিশ্ব ভ্ৰমণ কৰা প্ৰথম গৰাকী মহিলা অসম জিয়ৰী মীনাক্ষী দাস৷Meenakshi Das is the first woman to travel the world by bike riding

সদায় আহাৰৰ সৈতে চাট্‌নি খালে বহুৰোগৰ পৰা মুক্ত হ’ব পাৰি৷ ALWAYS EAT CHUTNEY WITH FOOD TO GET RID OF MANY DISEASES