ৰঙালী বিহুৰ শুভেচ্ছাৰে, সাত বিহুৰ নাম৷ HAPPY RANGALI BIHU, THE NAME OF THE SEVEN BIHU

নমস্কাৰ সকলোকে অসমীয়া নৱৱৰ্ষ তথা ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিছো৷ ব’হাগ মাহৰ আগমনৰ লগে লগে গছে বণে কুঁহীপাত, ডালত কুলি-কেতেকীৰ মাতে অসমীয়াৰ হীয়া-মন আনন্দৰে ৰাঙলী হৈ পৰে৷ সেয়ে আমাৰ জাতীয় উৎসৱ হেঁপাহৰ ৰঙালী বিহুটি উদ্‌যাপনৰ বাবে ডেকাসকল বিহুতলিলৈ ওলাই আহে৷ এই ব’হাগৰ ৰঙালী বিহুটি অসমীয়াসকলে সাতদিন উদ্‌যাপন কৰে বাবে এই বিহুক সাতদিনীয়া ৰঙালী বিহু বিলিও কোৱা হয়৷ 

এই সাত দিনক ক্ৰমে- 

[ক]  গৰু বিহু৷ 

[খ]  মানুহ বিহু৷ 

[গ]  গোঁসাই বিহু৷ 

[ঘ]  তাঁতৰ বিহু৷ 

[ঙ]  নাঙলৰ বিহু৷ 

[চ]  কুটুম বিহু বা জয়ৰী বিহু বা চেনেহী বিহু৷ 

[ছ]  চেৰা বিহু নামেৰে নামকৰণ কৰা হৈছে৷ 

Comments