এজন অসমীয়া আই.পি.এচ. বিষয়া, সাহিত্যিক তথা মেনেজমেন্টৰ ৰাষ্ট্ৰীয় শিক্ষক শ্ৰীকুলধৰ শইকীয়া।AN ASSAMESE IPS OFFICER, WRITER AND NATIONAL TEACHER OF MANAGEMENT SRI KULADHAR SAIKIA

অসমীয়া হিচাবে ওৱৰ্ল বেঙ্কৰ প্ৰাক্তন কন্সালটেন্ট, অসমীয়া সাহিত্যৰ বিশিষ্ট সাহিত্যিক, সাহিত্য একাডেমীৰ বঁটা প্ৰাপক, ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান, অৰ্থনীতিৰ এসময়ৰ ছাত্ৰ, শিক্ষক, গৱেষক আৰু অসমীয়া ধ্ৰুপদী ভাষা আধুনীকৰণৰ বাটকটীয়া শ্ৰীযুত কুলধৰ শইকীয়াদেৱ৷ যি গৰাকী ব্যক্তিয়ে এসময়ৰ পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ড, গুপ্ত হত্যাকে ধৰি বহু হৃদয় বিদাৰক ঘটনাৰে ভৰা এক জটিল সন্ধিক্ষণত অসমৰ আইন শৃংখলাৰ দায়ত্ব লৈছিল৷ যিটো সময়ত অসমৰ শীৰ্ষ প্ৰশাসনিক বিষয়া সকল অন্তৰ্ধান হৈছিল৷ 

শ্ৰীকুলধৰ শইকীয়াদেৱ থোৰতে :

ইং ১৯৮৫ চনত নিয়ুক্ত হোৱা ভাৰতীয় আৰক্ষী সেৱাৰ অসম মেঘালয় কেডাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া তথা¸ অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান [এপ্ৰিল ২০১৮ - নৱেম্বৰ ২০১৯]

– জন্ম : ইং ১৯৫৯ চন, চেপতি গাওঁ, ৰঙিয়া, কামৰূপ [অসম]

– ৰঙিয়া হাউস্কুলৰ পৰা মেট্ৰিক পাছ৷ 

– কটন কলেজৰ পৰা হাইয়াৰচেকেণ্ডাৰী পাছ৷ 

– দিল্লিৰ ৰামজাচ কলেজত অৰ্থনীতি বিভাগত বি.এ. পাছ৷ 

– দিল্লি স্কুল অফ ইকনমিকচ্‌ত এম.এ. পাছ৷ 

– এমফিল ডিগ্ৰীত অধ্যয়নৰত অৱস্থাতে দিল্লি ইউনিভাৰচিটিৰ অধীনৰ হিন্দু কলেজত শিক্ষক হিচাবে নিযুক্ত হয়৷ 

– ইণ্ডিয়ান ইকনমিক্স চাৰ্ভিচ বা ভাৰতীয় অৰ্থনীতি সেওৱাৰ পৰীক্ষাত উত্তীৰ্ণ৷ 

– চিভিল চাৰ্ভিচৰ পৰীক্ষা দি উত্তীৰ্ণ হৈ ভাৰতীয় ৰে’ল সেওৱাত নিযুক্ত হয়৷ 

– ডিআইজি হৈ থকা সময়তে ফুলব্ৰাট স্কলাৰ হিচাপে আমেৰিকাৰ পেন্সিলভানিয়া ষ্টেট ইউনিভাৰ্চিটিত গৱেষণা সম্পন্ন৷ 

– সেই সময়তেই আমেৰিকাৰ ওৱাশ্বিংটন চহৰত থকা ওৱৰ্ল বেঙ্কৰ হেডকোৱৰ্টাৰত কিছুদিন কন্সালটেন্ট হিচাবে যোগদান৷ 

– তেওঁ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ ভাৰতীয় প্ৰশাসনীক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ 

– আই.আই.টি, গুৱাহাটীৰ পৰা ক্ৰাইম আৰু ডেভেলপমেন্ট বিষয়ত পিএইচ ডি৷ 

– চাকৰিৰ কালতে ইভিনিং কলেজত এলএলবি দিগ্ৰী সম্পন্ন কৰিছিল৷ 

– তেওঁ ফ্ৰেন্স ভাষা শিকিবলৈ অধ্যয়ন কৰিছিল গুৱাহাটী ইউনিভাৰচিটিত নিশাৰ ভাগত৷ 

– তেওঁ প্তম মান শ্ৰেণীত পঢ়ি থকাৰ পৰাই কবিতা লিখা আৰম্ভ কৰিছিল৷ 

– সাহিত্যৰ ক্ষেত্ৰখনত তেওঁৰ প্ৰায় ২৫ খনমান গল্প সংকলন প্ৰকাশ হৈছে৷ তাৰে ভিতৰত ‘‘তীৰ্থ ডেকা নিৰুদ্দেশৰ পিচৰচোৱা’’ নামৰ গল্পটো বৰ প্ৰাসংগীক হৈ পৰিছিল৷ 

– তেওঁ পৰীক্ষা দিব লাগিলে ৰাতি ৩ বজাতে উঠি পঢ়া-শুনা কৰি চাকৰিৰ লগতে পৰীক্ষাও দিছিল আৰু কৃতকাৰ্য্যও হৈছিল৷ 

সন্মান : দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ৷ 

বঁটা সমূহ :

– মুনীন বৰকটকী বঁটা, ১৯৯৮ [‘আখৰত মই আৰু অন্যান্য’ গল্প সংকলনৰ বাবে]

– ‘কথা বঁটা’’, ২০০০

– সাহিত্য অকাডেমি বঁটা, ২০১৫ [‘আকাশ ছৱি আৰু অন্যান্য গল্প’ৰ বাবে]

– সভাপতি, অসম সাহিত্য সভা, ২০০২ [শুৱালকুছি অধিৱেশন]

– ড॰ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা, ২০২১

বৰ্তমান স্থিতি : 

– এজন শিক্ষক, ভাৰতবৰ্ষৰ কেন্দ্ৰেীয় বিশ্ববিদ্যালয়, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট [IIM] আদিৰ দৰে আগশাৰীৰ ব্যৱসায় মেনেজমেন্টৰ শিক্ষানুষ্ঠান সমূহে তেখেতক মেনেজমেন্টৰ ওপৰত বক্তব্য ৰাখিবলৈ অতিথি বক্তা হিচাপে নিমন্ত্ৰণ কৰে৷ 

শিক্ষা আৰু কৰ্মজীৱন : 

কটন কলেজৰ পৰা হাইয়াৰচেকেণ্ডাৰী পাছ কৰি দিল্লিৰ ৰামজাচ [Ramjas College] কলেজত অৰ্থনীতি বিভাগত বি.এ. পাছ কৰে৷ তাৰ পাছত দিল্লি স্কুল অফ ইকনমিক্সত এম.এ. পাছ কৰে৷ তাৰ পাছত এমফিলত নাম লগাইছিল যদিও শেষ হোৱাৰ আগতেই দিল্লি ইউনিভাৰচিটিৰ অধীনৰ হিন্দু কলেজত শিক্ষক হিচাবে নিযুক্ত হয়৷ তাত এবছৰ চাকৰি কৰি ইণ্ডিয়ান ইকনমিক্স চাৰ্ভিচ বা ভাৰতীয় অৰ্থনীতি সেওৱাৰ পৰীক্ষা দি উত্তীৰ্ণ হৈ সেই সময়ৰ প্লেনিং কমিচনত চাকৰি কৰে৷ সেই সময়তে তেওঁ চিভিল চাৰ্ভিচৰ পৰীক্ষা দি উত্তীৰ্ণ হৈ ভাৰতীয় ৰে’ল সেওৱাত নিযুক্ত হয়৷ তাত কিছু দিন চাকৰি কৰি ভাৰতীয় পুলিচ সেৱাঁত নিযুক্ত হয়৷ ২০০০-২০০১ চনত পুলিচ সেওঁৱাত ডিআইজি হৈ থকা সময়তে সন্মানীয় ফুলব্ৰাইড স্কলাৰ [Full bright Fellow] হিচাবে এবছৰৰ বাবে আমেৰিকাৰ পেন্সিলভানিয়া ষ্টেট ইউনিভাৰ্চিটি [Pennsylvania State University] লৈ যায়৷ সেই সময়তেই আমেৰিকাৰ ওৱাশ্বিংটন চহৰত থকা ওৱৰ্ল বেঙ্কৰ হেডকোৱৰ্টাৰত কন্সালটেন্ট হিচাবে কিছুদিন থাকি অসমলৈ ঘূৰি আহে আৰু অসম আৰক্ষী সেওঁৱাত পুনৰ যোগদান কৰে৷ 

তেওঁ দিল্লিত পঢ়ি থকা সময়তেই অসমত বিদেশী খেদা আন্দোলন আৰম্ভ হৈছিল৷ সেই সময়ত দিল্লিত থকা অসমীয়া ছাত্ৰ সকলৰ সংগঠন ‘‘অসমীয়া ছাত্ৰ সন্থা’’ৰ তেওঁ সম্পাদক আছিল৷ দিল্লিত তেওঁলোকে অসমৰ সমস্যা সমূহ ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰচাৰ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছিল৷ 

দিল্লিলৈ যেতিয়া অসম আন্দোলনৰ নেতৃবৃন্দ আলোচনাৰ বাবে গৈছিল তেতিয়া তেওঁলোকে লগ ধৰিছিল৷ আৰু দুবাৰমান কথাও পাতিছিল৷ তাৰ উপৰিও সেই সময়ৰ সাংসদ সকলৰ লগতো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজনৈতিক, সামাজিক সমস্যা সমূহ বুজাই দিবলৈ যথেষ্ট চেষ্টা কৰিছিল৷ সেই সময়ৰ বিৰোধী পক্ষৰ সাংসদ সকলৰ ভিতৰত জগজীৱন ৰাম, বাজপেয়ী আদিৰ লগত আলোচনা কৰিছিল যাতে সংসদত অসমৰ এই সমস্যা সমূহ উত্থাপন কৰে তাৰ বাবে চেষ্টা চলাইছিল৷ অসম চুক্তি হৈছিল ১৯৮৫ চনত 

তেওঁ অসমত নিযুক্ত হৈছিল ১৯৮৭-৮৮ চনত তিনিচুকিয়াত প্ৰথমে নিযুক্ত হয়৷ তাৰ পাচত নলবাৰী, শিৱসাগৰ, কৰিমগঞ্জ, গুৱাহাটী, গোৱালপাৰা আদিত তেওঁ সেওৱা আগবঢ়ায়৷ তেতিয়া অসমত আলফা, বড়ো আদি সহস্ত্ৰ সংগঠনবোৰ মুৰ ডাঙি উঠিছিল৷ কোনো বিদ্ৰোহী সংগঠনৰ সৈতে মুখা-মুখি সংঘৰ্ষত তেওঁ লিপ্ত হোৱা নাই৷এন্টিকৰাপচন বিভাগতো তেওঁ সেওঁৱা আগবঢ়ায়৷ পাছত ১৯৯৬ চনত গুৱাহাটীত নিযুক্ত হয়৷ সেই সময়ত এজিপিৰ নতুন চৰকাৰ আছিল৷ উল্লেখযোগ্য যে সেই সময়ত অসমৰ ডিজিপি, চিফ চেক্ৰেতেৰী, ডিআইজি আৰু গুৱাহাটী এচপি তেওঁলোক কৰ্মক্ষেত্ৰৰ পৰা অন্তধ্যান হৈছিল৷ সেই সময়তে পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ড হৈছিল৷ ঠিক সেই সময়তে শ্ৰীকুলধৰ শইকীয়াদেৱক নিযুক্তি দিয়ে৷ 

সেই সময়ত মানুহৰ মাজত পুলিচৰ ওপৰত বিশ্বাস নোহোৱা হৈ পৰিছিল৷ তেওঁ সেই কাৰণে ৰাইজৰ লগত লগ লাগি নাগৰিক সমিতি গঠন কৰিছিল৷ আৰু ৰাইজ আৰু পুলিচৰ মাজত কেনেকে বিশ্বাস আনিব পাৰি তেৰ চেষ্টা কৰিছিল৷ পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত তেওঁ যথেষ্ট কাম কৰিছিল, তেতিয়া অসমত বিশৃঙ্খল পৰিস্থিতি আছিল৷ DGP, IGP নাছিল তেনেকুৱা সময়তে তেওঁক গুৱাহাটীত নিযুক্ত কৰা হৈছিল৷ তেওঁ কিবা সুধিব খুজিলেও কোনোলোক আগুৱাই অহা নাছিল৷ এটা বিশৃঙ্খল পৰিস্থিতিত তেওঁ কাম কৰিবলগীয়া হৈছিল আৰু পৰাগ কুমাৰ দাস হত্যাৰ প্ৰায় দুই-তিনি সপ্তাহমান পিচত তেওঁ দায়িত্ব ভাৰ লৈছিল৷ ইফালে কৰ্মৰত বিষয়া সকল নাছিল৷ গতিকে তেওঁ সেই বিষয়ে ভিতৰুৱা কথাবোৰ প্ৰকাশ কৰিব নিবিচাৰে৷ এইটো তেওঁৰ এটা আন্তৰিক গুণ৷ তেতিয়া তেওঁ IGP প্ৰশিক্ষণৰ বাবে গৈ কিছু নতুন বস্তু আনিছিল সেইটো সকলোৱে চিন্তা কৰা উচিত৷ পুলিচৰ মানুখিনিয়ে যি দৰমহা পাই সেইখিনি যদি ভালকৈ সাঁচিব জানে তাৰ বাবে বিভিন্ন বেঙ্ক আৰু ফাইনেন্স কোম্পানিৰ বিষয়া আদি আনি Financial Management ৰ এটা Course আৰম্ভ কৰিছিল৷ যিহেতু তেওঁ এগৰাকী অৰ্থনীতিৰ ছাত্ৰ আছিল৷ তাৰ আগত CID বিভাগৰ DIG হৈ থকা সময়ত তেওঁ CID গেলেৰী বুলি এটা কাম কৰিছিল৷ যিতো সকলোৱে ভাল পাইছিল৷ তাত ক্ৰাইম চিনৰ ফটোৰ লগতে ড্ৰাগছ আদিৰ চেম্পোল, ফিংগাৰ প্রিন্ট আদিৰ ওপৰত জ্ঞান দিবৰ বাবে CID অফিচত ধুনীয়াকৈ সজাই থোৱা আছিল৷ যাতে ল’ৰা-ছোৱালী সকলক ক্ৰাইম কি তাৰ বিৰুদ্ধে পুলিচক কেনেদৰে সহায় কৰিব পাৰে তাক বুজাই দিয়া হৈছিল৷ এই পদ্ধতিটো তেওঁ আমেৰিকাত থাকোঁতে দেখি আহিছিল৷ তেওঁৰ মতে ল’ৰা-ছোৱালীয়ে যি শিকে তাৰ পৰা মাক-দেউতাকেও শিকিব পাৰে৷ এনেধৰণৰ ধনাত্মক দিশেৰে তেওঁ কামত আগবাঢ়িছিল৷ 

তাৰ পাছত তেওঁ নলবাৰীত যোগদান কৰে তাত বিভিন্ন সমস্যাৰ লগতে ডাইনি হত্যাৰ দৰে অন্ধ বিশ্বাসো চলি আছিল৷ এইটো অসমৰ অন্যান্য ঠাইতো চলি আছিল৷ তাৰ বাবে তেওঁ মানুহৰ মাজত ‘‘প্ৰকল্প প্ৰহৰী’’ বুলি আঁচনি এখন কৰি গাঁৱৰ ৰাইজক একগোট কৰি এই সামুহিক শক্তিটো মানুহ মৰা বা অত্যাচাৰ কৰাতকৈ ভাল কামত কেনেকে লগাব পাৰি তাৰ ওপৰত কাম কৰিছিল৷ যেনে ৰাইজৰ দ্বাৰা ৰাষ্টা-ঘাট বনোৱা আদি এই কামবোৰৰ প্ৰতি মন দিওঁতে আন বেয়া কামবোৰ কৰিব বা ভাবিলৈ সময় নোপোৱা হ’ল৷ আৰু এনে দৰে লাহে লাহে ডাইনি হত্যা বন্ধ হৈ গৈছিল৷ 

শ্ৰীকুলধৰ শইকীয়াদেৱৰ এই আঁচনিটো এতিয়া বাহিৰৰ দেশ সমূহত বিশেষকৈ হাভাৰ্ডত বিজনেজ ৰিভিউ কৰ্চ হিচাপে অন্তভুৰ্ক্ত কৰা হৈছে৷ তেওঁৰ এই আঁচনিটো পৃথিৱীৰ বিভিন্ন ইউনিভাৰ্চিটিৰ কৰ্চতে আছে৷ এই বিষয়টো হাভাৰ্ড বিজেনিজ ৰিভিউত তেওঁলোকে তিনি ভাগৰ কেচষ্টাডি এই প্ৰজেক্টৰ ওপৰত ৰাখি বিভিন্ন ইউনিভাৰ্চিটিত পঢ়ুৱাই৷ কাৰণ ইয়াৰ মূল উদ্দেশ্য আছিল ৰাইজৰ সামুহিক শক্তিটো কেনেদৰে ভাল, সৃষ্টিমূলক কামৰ ফালে নিব পাৰি সেইটোৱেই৷ যিটো অতি মহান কাম বুলি ক’ব পাৰি৷ 

শ্ৰীকুলধৰ শইকীয়াদেৱ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ আইপিএছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু শেষত পুলিচৰ চাকৰিত নিযুক্ত হৈছিল৷ 

গুপ্তহত্যাৰ সময়ৰ কথাৰ প্ৰসংঙ্গত তেওঁ কয় যে- ‘‘মানুহৰ বাবে মৃত্যুতকৈ মৃত্যুৰ যিতো ভয় সেইটোহে বেচি ডাঙৰ কথা’’ 

তেওঁ ৫ম মান শ্ৰেণীত পঢ়ি থকাৰ পৰাই কবিতা লিখা আৰম্ভ কৰিছিল৷ 

সাহিত্যৰ ক্ষেত্ৰখনত তেওঁৰ প্ৰায় ২৫ খনমান গল্প সংকলন প্ৰকাশ হৈছে৷ তাৰে ভিতৰত ‘‘তীৰ্থ ডেকা নিৰুদ্দেশৰ পিচৰচোৱা’’ নামৰ গল্পটো বৰ প্ৰাসংগীক হৈ পৰিছিল৷ 

তেওঁৰ লিখা-মেলা কৰাৰ কোনো নিৰ্দিষ্ট সময় নাছিল, যেতিয়া সময় পায় তেতিয়াই অলপ লিখিছিল৷ তেওঁ হেনো পৰীক্ষা দিব লাগিলে ৰাতি ৩ বজাতে উঠি পঢ়া-শুনা কৰি চাকৰিৰ লগতে পৰীক্ষাও দিছিল আৰু কৃতকাৰ্য্যও হৈছিল৷ আই.আই.টি, গুৱাহাটীৰ পৰা ‘‘ক্ৰাইম আৰু ডেভেলপমেন্ট’’ বিষয়ত পিএইচডি কৰিছিল, চাকৰিৰ কালতে ইভিনিং কলেজত এলএলবি ও কৰিছিল তেওঁ৷ তাৰে মাজত ফ্ৰেন্স ভাষাটোও শিকিবলৈ অধ্যয়ন কৰিছিল গুৱাহাটী ইউনিভাৰচিটিত নিশাৰ ভাগত৷

শইকীয়াদেৱ বৰ্তমান ভাৰতবৰ্ষৰ ৮খন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্টত পঢ়ুৱাই৷ চাকৰিত থকা সময়ৰ পৰাই তেওঁ এই কাম কৰিছিল৷ চিংগাপুৰ আৰু পেৰিচ কেম্পাচ দুয়োটাতে তেওঁ পঢ়োৱাই৷ ইনচিয়েত বুলি ওৱল্ডৰ খুব ডাঙৰ মেনেজমেন্ট স্কুল এখন আছে তাতো তেওঁ পঢ়ুৱাই৷ তেওঁ যেতিয়া লেকচাৰ দিয়ে তাত ছাত্ৰ-ছাত্ৰীৰ লগতে ডাঙৰ ডাঙৰ প্ৰফেচাৰ, ৰিটেয়াৰড প্ৰফেচাৰ সকলেও তেওঁৰ লেকচাৰ মনদি শুনে আৰু লিখি লয়৷ এই বিষয়ে তেওঁ সোধাত তেওঁলোকে কৈছিল যে আপোনাক ইমান দূৰৰ পৰা টকা পইচা খৰচ কৰি মাটি আনিছো গতিকে আপোনাৰ পৰা শিকা কথাবোৰ আমি আলোচনা কৰিব লাগিব সেই কাৰণে ভালদৰে শুনো৷ চাকৰি থকা কালতো তেওঁ একেদিনে ফ্লাইটেৰে তালৈ গৈ ক্লাচ কৰি পুনৰ ঘূৰি আহি নিজৰ ডিউটি কৰে৷ এই চেমিনাৰ বোৰত বহুধৰণৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ফ্যাকাল্টিসকল আৰু বহুতু ডাঙৰ ডাঙৰ প্ৰফেচৰ, ৰিটায়াৰড প্ৰফেচৰ আদিয়েও তেওঁৰ লেকচাৰ মনদি শুনে গোটেই হল, বেলকনী পযন্ত ভৰি থাকে৷ 

অসমৰ জাতিয় সংগঠন সাহিত্য সভাৰ সভাপতি :

ইং ২০০২ চনত তেওঁ সাহিত্য সভাৰ সভাপতি হয়৷ সভাপতি হিচপে তেওঁৰ প্ৰধান লক্ষ্য আছিল সাহিত্য সভাৰ লগত ডেকাচামক কেনেকে জড়িত কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দি বিভিন্ন প্ৰদক্ষেপ হাতত লৈছিল৷ যেনে- সাহিত্য সভাৰ সভাসমূহ ডেৰ ঘন্টাৰ ভিতৰত কৰিব লাগিব, ৫ ৰ পৰা ৭ মিনিট সময় বক্তিতা দিয়াৰ ব্যৱস্থা কৰিছিল৷ এনেদৰে তেওঁ সাহিত্য সভাক আধুনিকতাৰ ফালে লৈ অনাৰ ব্যৱস্থা কৰিছিল৷ ল’ৰা-ছোৱালী বোৰক সাহিত্য সভাৰ মজিয়ালৈ আনি যি মন যায় তাকে কৰিব দি সাহিত্য সভাৰ লগত একাত্ম কৰি তুলিছে৷ তেওঁৰ মতে সাহিত্য সভা অনিদিষ্ট কাললৈ অকল গলত গামোচা লৈ কিমান দিন চলি থাকিব৷ ইয়াক আগুৱাই নিবলৈ হলে ডিজিতেল পৃথিৱীখনত সাহিত্য সভা সোমাব লাগে, তাৰ বাবে Google Translate ত গৈ কাম কৰিব ধৰিলে৷ ল’ৰা-ছোৱালী বোৰক জড়িত কৰালে৷ কিছু সংখ্যকে ইতিমধ্যে এই বিষয়ত কাম কৰি আছিলেই, তেওঁৰ সামুহিক শক্তি একগোট কৰাৰ ফৰ্মলাৰে আহ৩ান কৰাত বহু ল’ৰা-ছোৱালী এই কামত জড়িত হৈ পৰিল৷ এতিয়া এই কাম চলি আছে ইয়াৰ validity মাজে মাজে কৰি থাকিব লাগে নতুন শব্দ বিলাক update কৰি থকা হৈছে৷ 

তেওঁৰ দিনতেই এটা Digital কোশ বনোৱা হ’ল৷ পুৰণী মূল্যবান সাহিত্য সমূহ নোহোৱা হৈ গৈছে, সেইবোৰ কিতাপ প্ৰাই ১৮০০ চন মানৰ কিতাপ সমূহ বহু কষ্ট কৰি মানুহৰ পৰা সংগ্ৰহ কৰি আনি প্ৰায় ১২০০ মান কিতাপ Digital কোশত Digitize কৰি থোৱাৰ ব্যৱস্থা কৰিলে৷ 

তেৱেঁই ধ্ৰুপদী ভাষাৰ কাম আৰম্ভ কৰে ক’ভিড মহামাৰিৰ সময়তে এই কাম আৰম্ভ কৰে৷ অসমৰ ২০০০ বছৰ পুৰণি এই ভাষাটো বিশ্বত প্ৰতিষ্ঠা কৰাই আছিল মূল কাম৷ তেওঁ কৈছে- গভীৰ শিপা থকা এটা ভাষা ইমান ডাঙৰ গছদাল যদি আমি পানী সাৰ দি নাথাকো তাৰ শিপা যিমান গভীৰেই নহওক কিয় ই জিয়াই নাথাকিব৷ ড’লৈকে গলেও ফলে-ফুলে জাতিস্কাৰ নহ’ব৷ পুৰণি যিবিলাক Classic সাহিত্য মানে ধ্ৰুপদী সাহিত্য শংকৰ দেৱৰ দিনৰ বা তাৰ আগৰ সাহিত্য সমূহ এতিয়া বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদ কৰিব লাগে কাৰণ এতিয়া মানুহে বিচাৰিব যিহেতু অসমীয়া ভাষা এটিয়া ধ্ৰুপদী ভাষা হ’ল৷ গৱেষকসকলে এতিয়া অসমীয়া ভাষাৰ অতীত অধ্যয়ন কৰিব বিচাৰিব৷ এই সাহিত্য সমূহ যদি ইংৰাজী বা অন্য ভাষালৈ অনুবাদ নহয় তেনেহলে এইবোৰ কেনেকে অধ্যয়ন কৰিবঞ্জ নহলে তেওঁলোকে অসমীয়া শিকিব লাগিব৷ আৰু সেইবোৰ পুৰণা অসমীয়া যাক বুজিও নেপাব৷ যদি Digital বিশ্বখনত আমাৰ সম্ভাৰ সমূহ বঢ়াই নিদিওঁ তেতিয়াহ’লে আৰটি ফিচিয়েল ইন্টেলিজেন্সে (AI Tool) আচল বস্তুটো বিচাৰি নাপাব বা দিব নোৱাৰিব৷ তাৰ ফলত ভুল তথ্য দিব৷ সেয়ে এক পত্যাহবান আহি পৰিছে৷ এতিয়া সামুহিক ভাৱে বিভিন্ন দিশত ৰাইজে মিলি কাম কৰিব লাগিব বুলি তেওঁ কয়৷ 

প্ৰায় এবছৰ কাল অসম আৰক্ষীৰ প্ৰধান হিচাবে থাকি অৱসৰ লোৱা শ্ৰীশইকীয়াদেৱে অসম আৰক্ষীক তেওঁ সামগ্ৰিক দৃষ্টিত এটা খুৱ সুন্দৰ ফৌৰ্চ বুলি অভিহিত কৰে৷ তেওঁ বিচাৰে আৰক্ষী আৰু ৰাইজৰ মাজত থকা যিতু ব্যৱধান সেইটো কমাই অনাটো৷ এতিয়া ডিজিটেল যুগত এই ব্যৱধান সমূহ আৰু কমাই অনাৰ সুবিধা আহিব৷ তেওঁৰ মতে এই ব্যৱধানটো আহে কেতিয়া এইটো অকল পুলিচ বিভাগত বুলিয়েই নহয় সকলো বিভাগতে এইটো আছে৷ আমি শাসন বিলাকত বহু সময়ত পাৱাৰ বা ক্ষমতা বস্তুটো অলপ ভুলকৈ বুজু মানে যিবিলাক আমি ক্ষমতা বুলি ভাবো সেই ক্ষমতা বিলাক কিন্তু বহু সময়ত আমাৰ অপক্ষমতাহে৷ মানে ‘এবিউজ অফ পাৱাৰ’ বুলি কব পাৰি৷ 

তেওঁ কেতিয়াও ক্ষমতাৰ অপব্যৱহাৰ কৰা নাই বুলি কয়৷ তেওঁ সদায় বিচাৰে যে এটা ক্ষমতা আমাক প্ৰশাসনিক ভাবে দিয়া আছে, আইনগত ভাবে দিয়া আছে, সেই ক্ষমতা খিনিয়েই যি আছে কিন্তু সেইতু এনেকুৱা নহয় যে এটা অনিৰ্দিষ্ট ক্ষমতা দি থৈছে, একো নহয়, অসীম ক্ষমতা একো নাই তাত৷ যদি মই ফাইল এটা দুই ঘন্টাত তাক এৰি দিব পাৰো, সেইটো যদি দুই সপ্তাহ ৰাখি থৈছো সেইটো মোৰ ক্ষমতা নহয়, সেইতু মোৰ এবিউজ অফ পাৱাৰ মানে ক্ষমতাৰ অপব্যৱহাৰ৷ এই বস্তুতো আমি বহু সময়ত বুজি নাপাও৷ কিছুমান ফাইল চাবই লাগিব তাত সময় লাগিব পাৰে৷ কিছুমান ফাইলত ২-৩ দিনো লাগিব পাৰে৷ কিন্তু যিতু পাৰি তাক সময়ত নকৰি ভাবে এইটো মই যেতিয়াই তেতিয়াই কৰিব পাৰো৷ সেইতু তেওঁৰ পাৱাৰ নহয়, সেইটো ক্ষমতাৰ অপব্যৱহাৰহে৷ এইবোৰ তেওঁ চাকৰি জীৱনত বহুতু দেখিছে বুলি কৈছে৷ এইটো সকলো বিভাগতে আছে শিক্ষা জগততো আছে৷ এইতু মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে তেওঁ নিজক ক্ষমতাশালি বুলি ভাৱে নে তেওঁ সাধাৰণ মানুহ এজনেই এটা পোষ্টত বহুৱাই দিয়া হৈছে কাম কৰিব কাৰণে, এনে বুলি ভাবে, এইটোৰ ওপৰতে নৰ্ভৰ কৰে৷ 

এনকাউন্টাৰৰ ওপৰত তেওঁ কয় যে, এনকাউন্টাৰ হিচাবে একো নাই ভাৰতীয় আইন মতে কোনোবাই আক্ৰমণ কৰিব আহিলে আত্মৰক্ষাৰ কাৰণে যিতু কৰা হয় সেইতুৱেই৷ সমুখৰ পৰ্টিতোৱে অস্ত্ৰ নিক্ষেপ কৰিলে তুমিও কৰিছা সেইটো এটা চেলফ ডিফেন্সত আহিব৷ সেইটোকে এনকাউন্টাৰ বুলি বহু সময়ত ভুলকে লোৱা যায় বুলি তেওঁ কয়৷ তেওঁৰ মতে যিটো আত্মৰক্ষাৰ বাবে কৰিব লগা হয়, সেইটো সকলোৱে বুজি পায় আৰু কোনটো আত্মৰক্ষাৰ বাবে নাছিল সেইটোও ৰাইজে বুজি পায়৷ তেওঁৰ মতে আইন মতে যিতু শুদ্ধ সেইটোহে কৰিব লাগে৷ তেওঁ এইটোৱে বিচাৰে আৰু তেওঁৰ দিনতো এইটোৱে হোৱা বুলি কয়৷

গুপ্ত হত্যা সময়ৰ ঘটনা সমূহ তেওঁৰ চাকৰি কালতেই ঘটিছে তেওঁ সকলো দেখিছে৷ অকল তেওঁৱেইটো দেখি থকা নাই, ৰাইজক বাদদি এইবোৰ কেনেকে লুকুৱাই ৰাখিব, ৰাইজে সকলো দেখা পায় কিছুমানে কয় কিছুমানে নকয়৷ এই বিলাক আইনৰ মেৰপেচত সোমোৱাৰ আগতেই আমি বিশ্লেষণ কৰা উচিত বুলি তেওঁ কয়৷ 

বৰ্তমান তেওঁ এজন শিক্ষক তথা লেখক৷ তেওঁৰ পত্নীও এগৰাকী সু-লেখিকা আৰু পুত্ৰ ২০২০ চনৰ আইপিএছ বিষয়া শ্ৰীঅৰণ্যক শইকীয়াৰ [UPSC 59th Rank] লগত বহি আগৰ ‘‘বুঢ়ী আইৰ সাধু’’ খনৰ পৰা কিবা মেনেজমেন্টৰ নতুন লেচন উলিয়াব পাৰি নেকি তাক আলোচনা কৰে৷ ভৱিষ্যতে এখন পুঠি লিখাৰ আশা আছে তেওঁৰ৷ শেষত যিকোনো পৰিস্থিতিতে জীৱনৰ শিক্ষা বিচাৰিব জনা শক্তিৰ অধিকাৰী শ্ৰীকুলধৰ শইকীয়া দেৱলৈ আন্তৰিক শ্ৰদ্ধা তথা নমস্কাৰ৷ 

সামৰণি :

বিভিন্ন ইলেকট্ৰনিক মিডিয়াত প্ৰচাৰিত শ্ৰীকুলধৰ শইকীয়াদেৱৰ সাক্ষাৎকাৰ সমূহ চাই তেওঁৰ ব্যক্তিত্ব, মেধা আৰু নিজৰ কৰ্মক্ষেত্ৰত বিভিন্ন জটিল পৰিস্থিতিত ধনাত্মাক দিশেৰে আগবঢ়া কৰ্মপটুতা দেখি অভিভুত হৈ মোৰ নিজা অনুভৱ হিচাপে সেইবোৰকে লিখাৰ প্ৰয়াস কৰিছো৷ 

Comments

Popular posts from this blog

বাইক ৰাইডিঙেৰে বিশ্ব ভ্ৰমণ কৰা প্ৰথম গৰাকী মহিলা অসম জিয়ৰী মীনাক্ষী দাস৷Meenakshi Das is the first woman to travel the world by bike riding

অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ঘোষণা৷ স্থানীয় উপভোক্তা সমিতিয়ে পৰিচালনা কৰিব জলজীৱন আঁচনি সমূহ কেনেদৰে৷ ANNOUNCEMENT BY THE HON'BLE CHIEF MINISTER OF ASSAM HOW LOCAL CONSUMER COMMITTEES WILL MANAGE JAL JEEVAN SCHEMES

সদায় আহাৰৰ সৈতে চাট্‌নি খালে বহুৰোগৰ পৰা মুক্ত হ’ব পাৰি৷ ALWAYS EAT CHUTNEY WITH FOOD TO GET RID OF MANY DISEASES