টাটা আই পি এল ১৮ সংখ্যক সংস্কৰণ ২০২৫ চনৰ চেম্পিয়সকালে কিমান ধন উপার্জন কৰিব ?꘡How much money will the champions earn in the 18th edition of TATA IPL 2025 ?

নমস্কাৰ, ক্ৰিকেট জগতৰ বহু অকাঙ্খিত ইণ্ডিয়ান প্ৰিয়ায়াৰ লীগ ১৮ সংখ্যক সংস্কৰণ ২০২৫ চনৰ সৰ্বোচ্ছ নিলামী খেলুৱৈ কেইজনৰ নাম, অন্তিম প্লেঅফ সূচীৰ লগতে প্ৰত্যেক দলৰে খেলুৱৈ সকলৰ তালিকা আৰু চুড়ান্ত ফাইনেল খেলৰ বিজয়ী সকলে কিমান ধন লাভ কৰিব তাৰ বিষয়ে কিছু জনাব খুজিছো৷

টাটা আই পি এল ১৮ সংখ্যক সংস্কৰণ ২০২৫ চনৰ চেম্পিয়সকালে কিমান ধন উপার্জন কৰিব ?꘡How much money will the champions earn in the 18th edition of TATA IPL 2025 ?

ক্ৰিকেট অনুৰাগী সকলে বছৰৰ এটা বিশেষ সময়লৈ অতি উৎকণ্ঠাৰে অপেক্ষা কৰে সেইটো হ’ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ মেগা নিলামৰ অন্তিম দিনটো৷ য’ত প্ৰতিটো দলৰ বাবে ১১ গৰাকী সম্ভৱপৰ শ্ৰেষ্ট খেলুৱৈ বিচাৰি উলিওৱা হয়৷ দুদিনীয়া তুমুল নিলামী যুদ্ধৰ অৱশেষত¸ প্ৰতিটো দলে নিজ নিজৰ সপোনৰ খেলুৱৈ সকল লাভ কৰে৷ প্ৰতিটো দলৰেই সপোন হ’ল তেওঁলোকৰ পচন্দৰ এই খেলুৱৈ সকলৰ দ্বাৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ১৮ সংখ্যক সংস্কৰণ ২০২৫ ক্ৰিকেট প্ৰতিদন্দ্বীতাত চমকপ্ৰদ খেল প্ৰদৰ্শন কৰি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা৷

এক সুন্দৰ নিলামী প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্বাচিত প্ৰতিটো দলৰে খেলুৱৈ সকলৰ নামৰ সুচি দেখিলে প্ৰতিটো দলেই অতি মজবুত বুলি বিবেচিত হৈছে৷ অন্য খেলৰ আয়োজনৰ বিপৰিতে আইপিএলত নিলামীৰ উপস্থিতি মন কৰিব লগীয়া৷ এই মেগা নিলামী মেলা আয়োজনৰ অৰ্থ হ’ল যে প্ৰতি ৩ বছৰৰ মূৰে মূৰে দল সমূহক নিজৰ সপোনৰ খেলুৱৈ সকলক পুনৰ নতুনকৈ সংগঠিত কৰিবলৈ সুবিধা প্ৰদান কৰা৷ এইবাৰৰ নিলামীত সেইটোৱেই হৈছে য’ত প্ৰত্যেক দলেই এক শক্তিশালী খেলুৱৈৰ টিম বনাবলৈ সক্ষম হৈছে৷

আই পি এল ১৮ সংখ্যক সংস্কৰণ ২০২৫ ৰ চেম্পিয়নসকলে কিমান ধন উপাৰ্জন কৰিব?

বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ প্লে অফত চাৰিটা দল আছে - গুজৰাট টাইটানছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, পঞ্জাব কিংছ, আৰু মুম্বাই ইণ্ডিয়ানছে নকআউট পৰ্যায়ত স্থান লাভ কৰিছে৷

৩ জুনত আহমেদাবাদত চূড়ান্ত শ্ব’ডাউন অনুষ্ঠিত হ’ব যদিও এই যুঁজখন কেৱল গৌৰৱৰ বাবেই নহয়৷ চেম্পিয়নসকলৰ বাবে অপেক্ষা কৰি আছে এটা বৃহৎ ধনৰাশিৰ টোপোলা৷ 

২০২৫ চনৰ ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱা বিশ্বৰ আটাইতকৈ কঠিন লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক সংস্কৰণত বিশ্বৰ শীৰ্ষ ক্ৰিকেটাৰসকলে ১০টা ভিন্ন ফ্ৰেঞ্চাইজিৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে৷ এইখন হৈছে বিশ্বৰ অন্যতম চাঞ্চল্যকৰ লীগ৷ যাৰ ফলত লীগৰ অনুগামী আৰু জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ আইপিএল হ’ল বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট লীগ৷ ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰা দলসমূহ এই প্ৰতিযোগিতাৰ সৰ্বাধিক দৰমহা পোৱা দলসমূহৰ ভিতৰত অন্যতম৷꘡ এই সফল দলসমূহৰ ব্ৰেণ্ড মূল্যই তাৰ প্ৰমাণ৷ এই লীগৰ বিত্তীয় লেন-দেন আদিৰ কাম ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড [বিচিচিআই] এ চম্ভালি আহিছে৷ বি চি চি আইয়ে আই পি এলৰ ছিজনত বিজয়ী দলৰ লগতে আন আন শীৰ্ষ প্ৰদৰ্শনকাৰী দলসমূহক বিপুল আৰু ৰোমাঞ্চকৰ পুৰস্কাৰৰ ধন ঘোষণা কৰে৷ আমোদজনক দিশটো হ’ল যে এই বঁটা প্ৰতি বছৰে নিৰ্দিষ্ট শতাংশ বৃদ্ধি পায়, আৰু দলসমূহৰ উপৰিও শীৰ্ষ ৰান স্ক’ৰাৰ [অৰেঞ্জ কেপ বিজয়ী] আৰু শীৰ্ষ উইকেট লোৱা [পাৰ্পল কেপ বিজয়ী] য়েও পুৰস্কাৰ ধন লাভ কৰে৷ যাৰ পৰিমাণ বিশ্বৰ আন যিকোনো লীগৰ তুলনাত বহু বেছি৷

আই পি এল ২০২৫ পুৰস্কাৰৰ ধন ঃ

  • বিজয়ী [চেম্পিয়ন] দল - ২০ কোটি টকা
  • ৰানাৰ্ছ আপ - ১৩ কোটি টকা
  • তৃতীয় স্থান - ৭ কোটি
  • চতুৰ্থ স্থান - ৬.৫ কোটি
  • আই পি এলত প্ৰতিযোগিতাৰ শেষত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে আত্মপ্ৰকাশ কৰা খেলুৱৈক অৰেঞ্জ কেপ প্ৰদান কৰা হয়৷ একেদৰে প্ৰতিযোগিতাখনৰ শেষত সৰ্বোচ্ছ উইকেট লোৱা খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰা খেলুৱৈক পাৰ্পল কেপ প্ৰদান কৰা হয়৷ 
  • অৰেঞ্জ কেপ বিজয়ী - ১০ লাখ ৷
  • পাৰ্পল কেপ বিজয়ী - ১০ লাখ ৷
  • এই লীগত যিজন খেলুৱৈয়ে নিজৰ দলৰ জয়ত আটাইতকৈ মূল্যৱান খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰে তেওঁক  দলৰ জয়ত আগবঢ়োৱা মূল্যৱান অৱদানৰ বাবে পুৰস্কৃত কৰা হয়৷ এইটো বাধ্যতামূলক নহয় যে তেওঁ প্ৰতিযোগিতাখনত সৰ্বাধিক উইকেট লোৱা বা ৰান সংগ্ৰহকাৰী হ’ব লাগিব, এই ট্ৰফী জয় কৰাৰ একমাত্ৰ মাপকাঠী হ’ল দলৰ সফলতাত আগবঢ়োৱা অৱদান৷
  • লীগৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ বঁটা ১০ লাখ টকা৷

আই পি এল ১৮ সংখ্যক সংস্কৰণ ২০২৫ প্লে অফৰ সূচী  ঃ

  • কোৱালিফায়াৰ 1 [লীগ পৰ্যায়ৰ পৰা শীৰ্ষ দুটা দলৰ মাজত খেল] : বৃহস্পতিবাৰ, 29 মে’, 2025 - নতুন চণ্ডীগড়
  • এলিমিনেটৰ [3rd বনাম 4th স্থানৰ দল] - শুকুৰবাৰ, 30 মে’, 2025 - নতুন চণ্ডীগড়
  • কোৱালিফায়াৰ 2 [কোৱালিফায়াৰ 1ৰ পৰাজয় বনাম এলিমিনেটৰৰ বিজয়ী] - দেওবাৰ, 1 জুন, 2025 - আহমেদাবাদ
  • ফাইনেল [কোৱালিফায়াৰ 1ৰ বিজয়ী বনাম কোৱালিফায়াৰ 2ৰ বিজয়ী] - মঙলবাৰ, 3 জুন, 2025 - আহমেদাবাদ
  • প্লে অফৰ ফৰ্মেটত কোৱালিফায়াৰ 1st ত শীৰ্ষ দুটা দলৰ বিৰুদ্ধে ইজনে সিজনৰ বিৰুদ্ধে থিয় দিব, আনহাতে তৃতীয় আৰু চতুৰ্থ স্থানৰ দলসমূহে এলিমিনেটৰত মুখামুখি হ’ব৷
  • পইণ্ট টেবুলৰ শীৰ্ষ দুটা দলে - লীগ পৰ্যায়ৰ শেষত - কোৱালিফায়াৰ 1stত মুখামুখি হব৷ এই মেচৰ বিজয়ীয়ে পোনপটীয়াকৈ ফাইনেলত স্থান লাভ কৰিব৷
  • ৩য় আৰু ৪র্থ স্থান দখল কৰা দল দুটাৰ মাজত এলিমিনেটৰত প্ৰতিদ্বন্দিতা হ’ব৷ পৰাজিত দলটোক প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰি দিয়া হ’ব৷
  • তাৰ পিছত কোৱালিফায়াৰ 1stৰ পৰাজয়ীয়ে দ্বিতীয়টো সুযোগ পায় আৰু কোৱালিফায়াৰ 2ndত এলিমিনেটৰৰ বিজয়ীৰ বিৰুদ্ধে খেলিব৷
  • কোৱালিফায়াৰ 2ndৰ বিজয়ীয়ে ফাইনেললৈ আগবাঢ়ি যাব আৰু  কোৱালিফায়াৰ 1st ৰ বিজয়ীৰ সৈতে খেলিব ৷

আই পি এল ১৮ সংখ্যক সংস্কৰণ ২০২৫ ৰ প্ৰত্যেক দলৰ ১১ গৰাকী শক্তিশালী খৈলুৱৈৰ নাম ঃ

১৷ চেন্নাই ছুপাৰ কিংছ [চি এছ কে]

  • ৰুতুৰাজ গাইকৱাদ [চি]
  • ডেভন কনৱে
  • ৰাহুল ত্ৰিপাঠী
  • দীপক হুদা
  • শিৱম ডুবে
  • ৰবীন্দ্ৰ জাডেজা
  • এম এছ ধোনি (wk)
  • ছেম কাৰাণ
  • ৰবিচন্দ্ৰন অশ্বিন
  • মথিশা পথিৰাণ
  • খালীল আহমেদ
  • পঁৰ আহমদ [ইমপেক্ট চাবষ্টিটিউট]

২৷ দিল্লী কেপিটেলছ [ডি চি]

  • কে এল ৰাহুল [চি]
  • জেক ফ্ৰেজাৰ-মেকগাৰ্ক
  • অভিষেক পোৰেল (wk)
  • হেৰী ব্ৰুক
  • ট্ৰিষ্টান ষ্টাবছ
  • অক্ষৰ পেটেল
  • আশুতোষ শৰ্মা
  • মিচেল ষ্টাৰক
  • কুলদীপ যাদৱ
  • মুকেশ কুমাৰ
  • টি নটৰাজন
  • মোহিত শৰ্মা [ইমপেক্ট চাবষ্টিটিউট]

৩৷ গুজৰাট টাইটানছ [জিটি]

  • শুবমান গিল [চি]
  • জোছ বাটলাৰ (wk)
  • সাই সুধৰচন
  • শ্বাহৰুখ খান
  • শ্বাৰফেন ৰাদাৰফোৰ্ড
  • ৰাহুল তেৱতীয়া
  • ৱাশ্বিংটন সুন্দৰ
  • ৰছিদ খান
  • আৰ্«াদ খান
  • কাগিছো ৰাবাদা
  • মহম্মদ ছিৰাজ
  • প্ৰসিধ কৃষ্ণ [ইমপেক্ট চাবষ্টিটিউট]

৪৷ কলকাতা নাইট ৰাইডাৰ্ছ [কে কে আৰ]

  • কুইKI×ন দে কক (wk)
  • সুনীল নাৰিনে
  • ভেংকটেশ আয়েৰ
  • অংকৃশ ৰঘুবংশী
  • ৰিংকু সিং
  • আন্দ্ৰে ৰাছেল
  • ৰমনদীপ সিং
  • বৈভৱ অৰোৰা
  • হৰ্ষিত ৰাণা
  • এনৰিচ নৰ্টজে
  • বৰুণ চক্ৰৱৰ্তী
  • অনুকুল ৰয় [ইমপেক্ট চাবষ্টিটিউট]

৫৷ লক্ষ্ণৌ ছুপাৰ জায়েKI×ছ [এল এছ জি]

  • আইডেন মাৰ্কৰাম
  • মিচেল মাৰ্চ
  • নিকোলাছ পুৰাণ
  • ঋষভ পন্ত (ন্তুগুwk)
  • ডেভিদ মিলাৰ
  • আয়ুষ বদোনি
  • আব্দুল ছামাদ
  • ৰবি বিষ্ণোই
  • আৱেশ খান
  • মহছিন খান
  • মায়ংক যাদৱ
  • আকাশ দীপ [ইমপেক্ট চাবষ্টিটিউট]

৬৷ মুম্বাই ইণ্ডিয়ানছ [এম আই]

  • উইল জেকছ
  • ৰোহিত শৰ্মা
  • তিলক বৰ্মা
  • সূৰ্য্যকুমাৰ যাদৱ
  • হাৰ্দিক পাণ্ডিয়া [চি]
  • ৰবিন মিনজ (wk)
  • নমন ধীৰ
  • মিচেল ছাKI×নাৰ
  • দীপক চহৰ
  • ট্ৰেণ্ট ব’ল্ট
  • যশপ্ৰীত বুমৰাহ
  • আল্লাহ গাজানফৰ [ইমপেক্ট বিকল্প]

৭৷ পঞ্জাব কিংছ [পিবিকেএছ]

  • মাৰ্কাছ ষ্টয়নিছ
  • প্ৰবসীমৰণ সিং (wk)
  • শ্ৰেয়াছ আয়েৰ [চি]
  • গ্লেন মেক্সৱেল
  • শশাংক সিং
  • নেহল ৱাধেৰা
  • মাৰ্কো জান্সেন
  • হৰপ্ৰীত ব্ৰাৰ
  • লকি ফাগুৰ্চন
  • আৰ্শদীপ সিং
  • যুজবেন্দ্ৰ চাহাল
  • যশ ঠাকুৰ [ইমপেক্ট বিকল্প]

৮৷ ৰাজস্থান ৰয়েলছ [আৰ আৰ]

  • সঞ্জু চেমচন (ন্তুগুwk)
  • যশস্বী জয়ছৱাল
  • নীতিশ ৰাণা
  • ৰিয়ান পৰাগ
  • ধ্ৰুৱ জুৰেল
  • শ্বিমৰন হেটমায়াৰ
  • ৱানিন্দু হাছাৰংগা
  • জোফ্ৰা আৰ্চাৰ
  • তুষাৰ দেশপাণ্ডে
  • আকাশ মাধৱাল
  • সন্দীপ শৰ্মা
  • শুভম ডুবে [ইমপেক্ট চাবষ্টিটিউট]

৯৷ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু [আৰ চি বি]

  • ফিল ছল্ট
  • বিৰাট কোহলী
  • ৰজত পাতিদাৰ
  • লিয়াম লিভিংষ্টন
  • টিম ডেভিদ
  • জিতেশ শৰ্মা (wk)
  • ক্ৰুনাল পাণ্ডিয়া
  • ৰশিখ দাৰ
  • ভুৱনেশ্বৰ কুমাৰ
  • জোছ হেজলউড
  • যশ দয়াল
  • সুয়াশ শৰ্মা [ইমপেক্ট চাবষ্টিটিউট]

১০৷ ছানৰাইজাৰ্ছ হায়দৰাবাদ [এছ আৰ এইচ] 

  • ট্ৰেভিছ হেড
  • অভিষেক শৰ্মা
  • ঈশান কিষাণ (wk)
  • নীতিশ ৰেড্ডী
  • হাইনৰিখ ক্লাচেন
  • কামিন্দু মেণ্ডিছ
  • অভিনৱ মনোহৰ
  • পেট কামিন্স [চি]
  • হৰ্শল পেটেল
  • ৰাহুল চহৰ
  • মহম্মদ শ্বামী
  • ছিমাৰজীত সিং [ইমপেক্ট চাবষ্টিটিউট]

আই পি এল ১৮ সংখ্যক সংস্কৰণ ২০২৫ ৰ মেগা নিলামীৰ সৰ্বাধিক মূল্যৰ খেলুৱৈ ৩ গৰাকী হ’ল৷

১. Rishabh Pant [ঋষভ পণ্ট]

টাটা আই পি এল ১৮ সংখ্যক সংস্কৰণ ২০২৫ চনৰ চেম্পিয়সকালে কিমান ধন উপার্জন কৰিব ?꘡How much money will the champions earn in the 18th edition of TATA IPL 2025 ?

২. Shreyas Iyer [শ্ৰেয়াৰ্ছ আয়াৰ]

টাটা আই পি এল ১৮ সংখ্যক সংস্কৰণ ২০২৫ চনৰ চেম্পিয়সকালে কিমান ধন উপার্জন কৰিব ?꘡How much money will the champions earn in the 18th edition of TATA IPL 2025 ?

৩. Venketesh Iyer- ২৩.৭৫ ট্ৰব্জ [ভেংকটেশ আয়াৰ] ঃ

টাটা আই পি এল ১৮ সংখ্যক সংস্কৰণ ২০২৫ চনৰ চেম্পিয়সকালে কিমান ধন উপার্জন কৰিব ?꘡How much money will the champions earn in the 18th edition of TATA IPL 2025 ?

শেষত আই পি এল ২০২৫ৰ আহা ৬ জুন শুক্রবাৰে অনুষ্ঠিত হব লাগা বহু আকাঙ্খিত ফাইনেল খেল খানে বিশ্বৰ অগণন ক্রিকেট প্রেমিসকলক এক নতুন আমোদ দিব। তাৰে কামনাৰে, পুনৰ নমস্কাৰ। 

Comments