মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলং কলিয়া ভোমোৰা সেতু ꘡The second bridge over the mighty Brahmaputra is the Kaliabhomora Bridge

নমস্কাৰ, আজি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলং কলিয়াভোমোৰা সেতু খনৰ বিষয়ে কিছু কথা আপোনালোকৰ আগত আলোচনা কৰাৰ চেষ্টা কৰিছো৷

মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলং কলিয়া ভোমোৰা সেতু ꘡The second bridge over the mighty Brahmaputra is the Kaliabhomora Bridge

অসমৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলং হ’ল কলিয়াভোমোৰা সেতু৷ অসমত আহোম ৰাজত্ব কালৰে এগৰাকী মহান সেনাপতি কলিয়াভোমোৰা বৰফুকনৰ নামেৰে এই দলং খনৰ নামকৰণ কৰা হৈছে৷ এই দলং নিৰ্মাণৰ লগত কলিয়াভোমোৰা বৰফুকনৰ সৈতে এক মহান ইতিহাস জৰিত হৈ আছে৷

ইতিহাস ঃ

কলিয়া ভোমোৰা বৰফুকন আহোম ইতিহাসত এক উল্লেখযোগ্য ব্যক্তিত্ব আছিল৷ তেওঁ আহোম ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব তথা পশ্চিম অসমৰ এগৰাকী সেনাপতি আৰু ৰাষ্ট্ৰনেতা হিচাপে পৰিচিত৷ তেওঁ কলিয়াবৰ নদীৰ পশ্চিম অঞ্চলৰ ন্যায়িক আৰু কাৰ্যকৰী কতৃৰ্ত্ব থকা এজন শক্তিশালী মন্ত্ৰী বৰফুকন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ সেই সময়ত আহোম ৰজাৰ বিৰুদ্ধে হোৱা বিদ্ৰোহক মষিমূৰ কৰিবলৈ তেওঁ কেইবাখনো যুদ্ধ কৰিছিল৷ তেওঁ সেনাবাহিনীক উচ্ছ পৰ্যায়ৰ যুদ্ধ প্ৰশিক্ষণ দি দক্ষতাৰে সংগঠিত কৰিছিল৷ এগৰাকী দক্ষ সেনাপতি আৰু এগৰাকী সক্ষম প্ৰশাসক হোৱাৰ উপৰিও কলিয়া ভোমোৰাই ধৰ্ম আৰু জনকল্যাণৰ ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়াইছিল৷ তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে সংযোগী সেতু হিচাপে তেজপুৰৰ ওচৰৰ ভোমোৰাগুৰিত এখন দলং নিৰ্মাণৰ পৰিকল্পনা কৰি এক উন্নত প্ৰস্তুতি চলাইছিল৷ এই কাম চলি থকাৰ সময়তে হঠাৎ তেওঁৰ মৃত্যু হোৱাত এই কাম পৰিত্যাক্ত হৈ পৰে৷ যাৰ চিহ্ন হিচাবে আজিও এই অঞ্চলত বৃহৎ সাল কাঠৰ খুঁটা আৰু দলং নিৰ্মাণৰ অন্যান্য সামগ্ৰী পোৱা যায়৷ 

বৰ্তমান এই আধুনিক দলংখন এসময়ৰ আহোম সেনাপতি কলিয়াভোমোৰাই বাছি লোৱা স্থানতেই নিৰ্মাণ কৰা হৈছে আৰু কলিয়াভোমোৰা বৰফুকনৰ নামেৰে এই দলং খনৰ নামকৰণ কৰা হৈছে৷

মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত তৃতীয়খন দলং কলিয়া ভোমোৰা সেতু হৈছে অসমৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩.০১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰি-ষ্ট্ৰেছড পকী পথৰ দলং, যিয়ে উত্তৰ পাৰৰ শোণিতপুৰ জিলাৰ তেজপুৰক আৰু দক্ষিণ পাৰৰ নগাঁও জিলাৰ কলিয়াবৰৰ সৈতে সংযোগ কৰে৷ 

মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত তৃতীয়খন দলং কলিয়াভোমোৰা সেতু নিৰ্মাণ ঃ

ভাৰতীয় ৰেলৱেই ১৯৬২ চনত গুৱাহাটীৰ সমীপৰ শৰাইঘাটত প্ৰথমবাৰৰ বাবে দলং নিৰ্মাণ কৰাৰ পাছত এই দিঘলীয়া সময়চোৱাত ব্ৰহ্মপুত্ৰত দ্বিতীয়খন দলঙৰ প্ৰয়োজনীয়তা বহুদিনৰ পৰাই অনুভৱ হৈছিল৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আৰ্থ-সামাজিক যুগাযোগৰ দিশবোৰ দেশৰ বাকী অংশৰ সৈতে একমাত্ৰ শৰাইঘাটৰ দলংখনৰ জৰিয়তেহে সংযুক্ত হৈ আছিল৷ সেয়ে ১৯৮১ চনৰ অক্টোবৰ মাহৰ পৰা এন, এফ, ৰেলৱেজ কনষ্ট্ৰাকচন অৰ্গেনাইজেশ্যনে দলংখনৰ ভৌতিক কাম আৰম্ভ কৰে৷ ইয়াৰ বাবে আন্তঃগাঁথনি বিকাশ যুদ্ধৰ ভিত্তিত প্ৰস্তুতি আৰু কামসমূহ সংগঠিত কৰাত নিখুঁত অভিযান্ত্ৰিক পৰিকল্পনাৰ প্ৰয়োজন আছিল৷ কাৰণ ব্ৰহ্মপুত্ৰ নদীখন এপ্ৰিল মাহৰ পৰা অক্টোবৰ মাহলৈকে বানপানীৰে ভৰি থাকে যাৰ ফলত দেশৰ অন্যান্য প্ৰধান নদীসমূহৰ তুলনাত কৰ্মকাল কম হৈ পৰে৷ তথাপি প্ৰতিকূল বতৰত কাম কৰা ৬০০০ বনুৱাৰ কৰ্মশক্তিৰে এই দলঙৰ নিৰ্মাণ সম্পুৰ্ণ কৰা হয়৷ এই দলং খন উদ্বোধনৰ দিনাই ইয়াৰ স্মৃতিত ভাৰতীয় ডাক বিভাগেও এক বিশেষ ডাকটিকট জাৰি কৰে আৰু ১৯৮৮ চনত আমেৰিকান কংক্ৰিট ইনষ্টিটিউটে হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানীক আটাইতকৈ অসাধাৰণ কংক্ৰিটৰ গঠনৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰে৷

মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত তৃতীয়খন দলং কলিয়াভোমোৰা সেতু নিৰ্মাণ ঃ 

১৷ কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজত অৱস্থিত৷ 

২৷ এই দলঙৰ ইং ১৯৭৮ চনত আধাৰশিলা স্থাপন কৰে তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়৷

৩৷ নিৰ্মাণ কাল ১৯৮১ চনৰ পৰা ১৯৮৭ চন৷

৪৷ ইং ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে৷

৫৷ এই দলঙৰ দৈৰ্ঘ ৩.০১৫ কিলোমিটাৰ৷

৬৷ এই দলং খনত সৰ্বমুঠ ব্যয় হৈছিল ৮৯ কোটি৷ 

Comments

Popular posts from this blog

বাইক ৰাইডিঙেৰে বিশ্ব ভ্ৰমণ কৰা প্ৰথম গৰাকী মহিলা অসম জিয়ৰী মীনাক্ষী দাস৷Meenakshi Das is the first woman to travel the world by bike riding

অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ঘোষণা৷ স্থানীয় উপভোক্তা সমিতিয়ে পৰিচালনা কৰিব জলজীৱন আঁচনি সমূহ কেনেদৰে৷ ANNOUNCEMENT BY THE HON'BLE CHIEF MINISTER OF ASSAM HOW LOCAL CONSUMER COMMITTEES WILL MANAGE JAL JEEVAN SCHEMES

সদায় আহাৰৰ সৈতে চাট্‌নি খালে বহুৰোগৰ পৰা মুক্ত হ’ব পাৰি৷ ALWAYS EAT CHUTNEY WITH FOOD TO GET RID OF MANY DISEASES