অসমৰ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ঐতিহাসিক শৰাইঘাটৰ দলং | The Mahabahu Brahmaputra and the Historic Saraighat Bridge in Assam
মহাবাহু ব্ৰহ্মপুত্ৰ উৎপত্তি আৰু গতিপথ ঃ
ভাৰতৰ উত্তৰে অৱস্থিত ৫৩০০ মিটাৰ উচ্ছতাত হিমালয়ৰ কৈলাশ পৰ্বতমালাৰ হিমবাহেৰে আবৃত তিব্বত মালভূমিৰ মানস সৰোবৰ হ্ৰদৰ পৰা চাংপো নামে এটি নৈ পূব মুৱাকৈ চীন আৰু ম্যানমাৰৰ মাজেৰে কিছুদূৰ বৈ আহি দক্ষিণ মূৱা হৈ প্ৰথমে চিয়াং তাৰ পিছত দিহাং নামেৰে অৰুণাচল ৰাজ্যৰ মাজেৰে বৈ গৈ অসমত প্ৰৱেশ কৰে৷ দিহাঙৰ লগত অৰুণাচলৰ দিবাং আৰু লোহিত নামৰ দুখন নৈ লগ লাগে৷ ইয়াৰ পিছৰ পৰা এই সন্মিলিত জলভাগে ব্ৰহ্মপুত্ৰ নাম লাভ কৰে৷ ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাত লগ লাগে আৰু হুগলী আৰু পদ্মা নামেৰে দুভাগত বিভক্ত হয়৷ তাৰ পিছত ই বঙ্গোপ সাগৰত পৰেগৈ৷ ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সঙ্গমস্থলীত বিশ্বৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন অৱস্থিত৷
ব্ৰহ্মপুত্ৰ হৈছে ভাৰত তথা অসমৰ এখন প্ৰধান নদী৷ এই নদীক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়৷ প্ৰায় ২৯০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰ এছিয়াৰ ভিতৰতে অন্যতম দীঘল নদী৷ ই ভাৰতৰ একমাত্ৰ পুৰুষ নদী৷ এই শক্তিশালী ব্ৰহ্মপুত্ৰৰ মাজেত আছে বিশ্বৰ আটাইতকৈ সৰু নদী দ্বীপ ‘‘উমানন্দ দ্বীপ’’৷ যিটো নদীখনৰ ঠিক মাজতে অৱস্থিত এই সৰু দ্বীপটোৰ গঠন ময়ুৰৰ বিস্তাৰিত পাখিৰ সৈতে মিল থকা বাবে এই দ্বীপটোক ময়ুৰ দ্বীপ বুলিও কোৱা হয়৷ এই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুতেই আছে প্ৰায় ১৩৬ বৰ্গমাইল আয়তনৰ বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ “মাজুলী”৷
অসমৰ সংস্কৃতি আৰু সভ্যতাৰ সৈতে ব্ৰহ্মপুত্ৰ নদী অংগাংগীভাৱে জড়িত৷ সভ্যতা সদায় নদী-কেন্দ্ৰিক৷ প্ৰাগজ্যোতিষ-কামৰূপ-অসমৰ সভ্যতাক ব্ৰহ্মপুত্ৰ কেন্দ্ৰিক সভ্যতা আখ্যা দিব পাৰি৷ এই ব্ৰহ্মপুত্ৰ নদীক আশ্ৰয় কৰি নানা জাতি-উপজাতি অসমলৈ আহি অসমৰ বুকুত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈ সমন্বয় আৰু সমাহাৰ প্ৰক্ৰিয়াৰ সংযোগত অসমীয়া জাতি গঠন কৰিছে৷
কৈলাশ পৰ্বতৰ মানস সৰোবৰৰ পৰা জন্ম হোৱা এই ব্ৰহ্মপুত্ৰ নদী প্ৰাচীন কালৰে পৰা এসময়ৰ প্ৰাগজ্যোতিষপুৰ বৰ্তমান অসমৰ মাজেৰে অৱধাৰিত ভাৱে বৈ আছে৷
বহুতু ইতিসাৰে সমৃদ্ধ এই ব্ৰহ্মপুত্ৰ৷ তাৰেই সাক্ষী হিচাবে আছে এসময়ৰ আহোম আৰু মোগলৰ যুদ্ধস্থলী অসমীয়া বীৰ লাচিত বৰফুকনৰ বীৰত্বৰে জিলিকি থকা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ এটি ঘাট যাক সকলোৱে শৰাইঘাট বুলি জানো৷ ব্ৰহ্মপুত্ৰ নদীয়ে অসমখনক দুটা ভাগত ভাগ কৰিছে- উত্তৰপাৰ আৰু দক্ষিণপাৰ৷ এই শৰাইঘাটৰেই তাহানিৰে পৰা বা তাৰো আগৰে পৰা মানুহে ইপাৰ-সিপাৰ অহাযোৱা কৰি থাকিল৷ সময়ৰ লগে লগে সকলো সলনি হৈ আহিল অসমৰ শিক্ষা-দিক্ষাকে আদি কৰি প্ৰমুখ যুগা-যুগৰ কেন্দ্ৰস্থল হৈ পৰিল গুৱাহাটী৷ আনহাতে নদীখন ইপাৰ-সিপাৰ হ’বৰ বাবে একমাত্ৰ মাধ্যম আছিল নাও৷
শৰাইঘাটৰ দলং নিৰ্মাণ ঃ
সেয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙ নিৰ্মাণৰ বাবে বিভিন্ন আৱেদন কৰা হৈছিল৷ হেম বৰুৱা, কমিউনিষ্ট গৌৰীশংকৰ ভট্টাচাৰ্য্য, ছ’ছিয়েলিষ্ট নেতা হৰেশ্বৰ গোস্বামীৰ দৰে ব্যক্তি সকলে এই বিষয়ত আগভাগ লৈছিল৷ তথ্য মতে ইংৰাজ শাসন কালত অৰ্থাৎ ১৯১০ চনতেই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এখন নিৰ্মাণ কৰাৰ কথা চিন্তা-চৰ্চা কৰা হৈছিল৷ এনেদৰেই স্বাধীনতাৰ প্ৰায় ১২ বছৰ পিছত ১৯৫৮ চন এই ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত সৰ্বপ্ৰথম এখন দলং নিমাণ হয় ঐতিহাসিক ‘‘শৰাইঘাট দলং’’৷ ইয়াৰ পূৰ্বে পঞ্চাছ দশকলৈকে এই নদীৰ ওপৰত এখনো দলঙ নাছিল৷
এই শৰাইঘাট দলঙে অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ৩১ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰি আছে৷ শৰাইঘাট দলং নিৰ্মাণ হোৱলৈ অৰ্থাৎ ১৯৫৮ চনলৈকে এই ব্ৰহ্মপুত্ৰ নদীৰ ঘাটসমূহেই অসমৰ বেপাৰ বাণিজ্য তথা পৰিবহণ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিল৷ ১৯৬২ চনত শৰাইঘাট দলঙ যাতায়তৰ বাবে মুকলি হোৱাৰ পিছত পৰিবহণ ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন ঘটে৷ এনেদৰেই মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ ধাৰাবাহিকতা আৰম্ভ হয়৷ বৰ্ত্তমান এই নদীত ৭ খনকৈ বৃহত দলং নিৰ্মাণ কৰা হৈছে আৰু নতুনকৈ ৭ খন দলংৰ নির্মাণ কার্য্য চলি আছে -
শৰাইঘাট দলং ঃ
১৷ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে’ল-পথযুক্ত দলং৷
২৷ ১৯৫৮ চনৰ জানুৱাৰী মাহত দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়৷
৩৷ ১৯৬২ চনৰ ছেপ্টেম্বৰ মাহত এই দলংখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়৷
৪৷ ১৯৬২ চনৰ অক্টোবৰ মাহত প্ৰথমে ৰে’ল পথেৰে সা-সামগ্ৰী কঢ়িওৱাৰ বাবে দলংখন মুকলি কৰি দিয়া হয়৷
৫৷ ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে৷
৬৷ প্ৰথম অৱস্থাত দলংখনৰ নাম ব্ৰহ্মপুত্ৰ দলং বুলিয়েই কোৱা হৈছিল যদিও তেতিয়াৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে দলঙখনক শৰাইঘাট দলঙ নামেৰে নামকৰণ কৰে৷
৭৷ এই দলঙখনৰ ওপৰেদি ৰাষ্ট্ৰীয় ঘাইপথ আৰু তলেদি ৰে’লপথ আছে৷
৮৷ মুঠ ব্যয় হৈছিল ১০,৬৫,৬,৮৯১ টকা৷
৯৷ ইয়াৰ দৈৰ্ঘ্য ১.৫ কিঃমিঃ [১৪৯২ মিটাৰ] আৰু বহল ২৪ ফুট [৭.৩ মিটাৰ] ৷
১০৷ নিৰ্মাণ কাৰ্য্যৰ দায়িত্বত আছিল হিন্দুঃস্থান কনষ্ট্ৰাকছন কৰ্প’ৰেছন লিমিটেড নামৰ এটা প্ৰতিষ্ঠান৷
১১৷ দলঙখন নিৰ্মাণ কাৰ্য্যত প্ৰায় ৮,০০০ জন শ্ৰমিকৰ সহযোগত প্ৰায় ৪০ হাজাৰ টন চিমেণ্ট আৰু ২০ হাজাৰ টন ষ্টীল ব্যৱহাৰ হৈছিল৷
১২৷ শৰাইঘাট দলঙত ১১টা খুটা আছে৷
১৩৷ ২০১২ চনৰ অক্টোবৰ মাহত শৰাইঘাট দলঙৰ পঞ্চাশ বছৰ সম্পূৰ্ণ হয়৷
১৪৷ বৰ্তমান উত্তৰ-পূব সীমান্ত ৰেলৱে দলঙখনৰ চোৱা-চিতা কৰাৰ দায়িত্বত আছে৷
১৫৷ এই দলংখনে উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ স্থাপন কৰে৷
১৬৷ এই দলংখনে নদীখনৰ স্বাভাৱিক বানপানীৰ স্তৰৰ পৰা ৪০ ফুট ওপৰত মুক্ত যাতায়তৰ ব্যৱস্থা সুনিশ্চিত কৰিছে৷
১৭৷ ২০১৯ চনৰ ২৩ মাৰ্চৰ পৰা ২০১৯ চনৰ ২০ জুনলৈ [প্ৰায় তিনি মাহ] এক বৃহৎ মেৰামতিৰ কামৰ বাবে দলংখন বন্ধ কৰি দিয়া হয়৷ তাৰ পাছত পুনৰ যাতায়তৰ বাবে মুকলি কৰা হয়৷
১৮৷ বৰ্ত্তমান যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি এখন নতুন দলং শৰাইঘাটৰ সমীপতে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয় ৷
বৰ্ত্তমানলৈ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিমীৰ্ত ৭ খন দলং হ’ল–
[১] শৰাইঘাট দলং [১৯৬২], Sarighat Bridge
[২] কলিয়া ভোমোৰা সেতু [১৯৮৭], Kaliabhomora Bridge
[৩] নৰনাৰায়ণ সেতু [১৯৯৮], Naranarayana Setu
[৪] নতুন শৰাইঘাট দলং [২০১৭], New Sarighat Bridge
[৫] ধলা-সদিয়া দলং [২০১৭], Dhala-Sadia Bridge
[৬] বগীবিল দলং [২০১৮], Bagibeel Bridge
[৭] নতুন তেজপুৰ-ভোমোৰাগুৰি দলং [২০২২] New Tezpur-Bhomoraguri Bridge
ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু ৮ খন বৃহত দলং নিমীৰ্য়মান অৱস্থাত আছে সেইকেইখন হ’ল–
১৷ ধুবুৰী-ফুলবাৰী দলং [Dhuburi-Philbari Bridge] – অসমৰ ধুবুৰীৰ পৰা মেঘালয়ৰ ফুলবাৰীলৈ সংযোগ কৰা ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং৷ এই ধুবুৰী-ফুলবাৰী দলং হ’ব ভাৰতৰ সকলোতকৈ দীঘল দলং৷
২৷ গুৱাহাটী-উত্তৰ গুৱাহাটী দলং [Guwahati-Uttar Guwahati Bridge] – বৰ্তমানৰ শৰাইঘাট দলঙৰ পৰিপূৰক হিচাপে গুৱাহাটীৰ সমীপত এখন নতুন দলং৷
৩৷ পানবজাৰ-উত্তৰ গুৱাহাটী দলং [Panbazar-Uttar Guwahati Bridge] – পানবজাৰক উত্তৰ গুৱাহাটীৰ সৈতে সংযোগ কৰা৷
৪৷পলাশবাৰী-শোৱালকুছি দলং [Palashbari-Sualkuchi Bridge] – পলাশবাৰীক ছুৱালকুছিৰ সৈতে সংযোগ কৰা৷
৫৷ যোৰহাট-মাজুলী দলং [Jorhat-Mazuli Bridge] – মাজুলী দ্বীপক যোৰহাটৰ সৈতে সংযোগ কৰা৷
৬৷ কমলাবাৰী-লখিমপুৰ দলং [Kamalabari-Lakhimpur Bridge] – মাজুলীৰ কমলাবাৰীক লখিমপুৰৰ সৈতে সংযোগ কৰা৷
৭৷ শিৱসাগৰ-দিছাংমুখ দলং [Sivsagar-Dishang Bridge] – শিৱসাগৰক দিছাংমুখৰ সৈতে সংযোগ কৰা৷
৮৷ ভূৰাগাঁও-কৌপতি দলং [Bhuragaon-Kaupati Bridge] – উত্তৰ পাৰৰ দৰং জিলাক দক্ষিণ পাৰৰ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ সৈতে সংযোগ ইয়াৰ দৈৰ্ঘ্য- ৭.৬৩ কিঃ দৈৰ্ঘ্য৷
এতিয়ালৈকে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত মুঠ ১৫ খন বৃহত বাজেতৰ দলংৰ ভিতৰত ৭ খন নিৰ্মীত আৰু ৮ খন নিমীৰ্য়মান অৱস্থাত আছে৷ অনাগত দিনত বা আৰু কিমান দলং নিৰ্মাণ হয় তাক সময়েহে ক’ব৷
Comments
Post a Comment