মটৰ’লাই ভাৰতত মুকলি কৰিলে AI flip ফোন Razr 60 Ultra꘡Motorola Razr 60 Ultra, Smart Phone

মটৰ’লাই ভাৰতত মুকলি কৰিলে AI flip ফোন Razr 60 Ultra꘡Motorola Razr  60 Ultra, Smart Phone

Motorola ই ভাৰতত মুকলি কৰা বিশ্বৰ আটাইতকৈ শক্তিশালী AI flip Smart Phone Motorola Razr 60 Ultra ৰ বৰ্তমান বজাৰ মূল্য লগতে ইয়াৰ বৈশিষ্ট্য সমূহৰ বিষয় আলোচনা কৰিম৷

Motorola Foldable Flip Smart Phone Motorola Razr 60 Ultra

মটৰ’লাই ভাৰতত মুকলি কৰিলে Razr 60 Ultra৷

এই ফোনটোৰ মূল্য ৯৯,৯৯৯ টকা৷

ইয়াত আছে ১৬ জিবি ৰেম আৰু ৫১২ জিবি ষ্ট’ৰেজ৷

মটৰ’লাই ভাৰতত মুকলি কৰিলে AI flip ফোন Razr 60 Ultra꘡Motorola Razr  60 Ultra, Smart Phone

অৱশেষত মটৰ’লাই ভাৰতীয় বজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰিলে নিজৰ ফল্ডেবল ফ্লিপ স্মাৰ্টফোন, ৰাজাৰ ৬০ আলট্ৰা [Foldable Flip Smart Phone Razr 60 Ultra]৷এই ফোনটো আগমনৰ লগে লগে ছেমছাঙে মুকলি কৰা ফোল্ডেবল স্মাৰ্টফোনে কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ইয়াৰ পূৰ্বে কোম্পানীটোৱে যোৱা বছৰ Moto Razr 50 Ultra লঞ্চ কৰিছিল আৰু এটিয়া লঞ্চ কৰা ফোনটো একেটাৰে উন্নীত সংস্কৰণ৷ ইয়াৰ ডিজাইন আৰু হাৰ্ডৱেৰ বহু উন্নত৷ Razr 60 Ultra য়ে Samsung 1 Galaxy Z Flip 6 লৈ তীব্ৰ প্ৰতিযোগিতা আগবঢ়াইছে৷ 

Motorola Razr 60 Ultra এই ফোনটোৰ সম্পূৰ্ণ বিৱৰণ আৰু ইয়াৰ মূল্য : 

ইয়াত 16 GB ৰেম আৰু 512 GB ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে Razr 60 Ultra মুকলি কৰা হৈছে, যাৰ মূল্য 99,999 টকা৷ আমাজনৰ দৰে ই-কমাৰ্চ চাইটত কিনিব পাৰিব৷ আমাজনেও এই ফোনত বেংক ৰেহাই দিছে৷ বেংক অফাৰৰ পিছত 10 হাজাৰ টকা পৰ্যন্ত ৰেহাই পাব পাৰিব৷ ফোনটো লঞ্চ কৰা হৈছে তিনিটা আচৰিত ৰঙত – ফেণ্টম উড, ফেণ্ডম স্কেৰাব আৰু ফেণ্টম ৰিঅ’ৰেড৷

মটৰ’লাই ভাৰতত মুকলি কৰিলে AI flip ফোন Razr 60 Ultra꘡Motorola Razr  60 Ultra, Smart Phone
এই মটৰ’লা ফোনটোৱেই হৈছে বিশ্বৰ আটাইতকৈ শক্তিশালী AI flip ফোন৷ ইয়াত কিছুমান আচৰিত AI বৈশিষ্ট্য আছে৷ যেনে AI Image Studio, Catch Me Up, Remember This আৰু বহুতো৷ ইয়াৰ উপৰিও ইয়াত লুক এণ্ড টক ফিচাৰ আছে৷ এই বৈশিষ্ট্যৰ সহায়ত ব্যৱহাৰকাৰীয়ে হাতেৰে স্পৰ্শ নকৰাকৈয়ে কেৱল চাই নিজৰ ফোনটো আনলক কৰিব পাৰে আৰু কথা-বতৰা আৰম্ভ কৰিব পাৰে৷ আচৰিত নহয়নে ? ব্যৱহাৰকাৰীয়ে Moto AI-ক যিকোনো কথা সুধিব পাৰে, সেয়া দ্ৰুত প্ৰশ্ন হওক বা মিছ কৰা জাননীৰ বিষয়ে জানিবলৈ হওক, কেৱল বাহিৰৰ ডিছপ্লেৰ সৈতে কথা পাতিলেই হ’ল৷

এই ফিচাৰে সহজ এক্সেচ আৰু স্মাৰ্ট এসিস্টেন্ট প্ৰদান কৰে৷ ব্যক্তিগত AI এসিস্টেস্টে ইয়ুজাৰ ইন্টাৰেকচন সলনি কৰি দিয়ে যি চাউণ্ড, টেক্স আৰু ইমেজ ক বুজি পাই৷ এই ফোন দৈনন্দিন কাম-কাজ আৰু চামাৰীলৈকে এডভান্স কন্টেন্ট ক্ৰিয়েচনলৈকে বহুতো কাম কৰিব পাৰে৷ ই যিকোনো বিষয়ৰ ওপৰত এক্সপাৰ্ট হ’বলৈ  নিমিষতে যিকোনো ডকুমেন্ট অৱজাৰ্ভ কৰিব পাৰে৷

ডিজাইনৰ ক্ষেত্ৰত Razr 60 Ultra ৰ ৰূপ পূৰ্বৰ মডেলৰ সৈতে যথেষ্ট মিল আছে৷ ইয়াত 7 ইঞ্চিৰ OLED ফল্ডেবল ডিছপ্লে আছে, যাৰ শীৰ্ষ উজ্জ্বলতা 4500 নিট পৰ্যন্ত৷ ইয়াৰ লগতে ইয়াত আছে 8 ইঞ্চিৰ pOLED কভাৰ স্ক্ৰীণ৷ ফোনটোৰ ডিছপ্লে শক্তিশালী কৰিবলৈ কৰ্নিং গৰিলা গ্লাছ চিৰামিক ব্যৱহাৰ কৰা হৈছে৷

মটৰ’লাই দাবী কৰিছে যে এই মডেলটোৱেই হৈছে বিশ্বৰ আটাইতকৈ শক্তিশালী হিংগ ফল্ডেবল ফোন, ইয়াৰ হিংগ ষ্টেইনলেছ ষ্টীলৰ দ্বাৰা নিৰ্মিত৷ ইয়াৰ ভাঁজৰ 8 লাখ বাৰ কঠোৰ পৰীক্ষা কৰা হৈছে৷ এই ফোনটোত কোৱালকম স্নেপড্ৰেগন 8 এলিট প্ৰচেছৰ আছে, য’ত আছে 16 জিবি ৰেম আৰু 512 জিবি ইণ্টাৰনেল ষ্ট’ৰেজ৷

মটৰ’লাই ভাৰতত মুকলি কৰিলে AI flip ফোন Razr 60 Ultra꘡Motorola Razr  60 Ultra, Smart Phone

ডিভাইচটো এন্ড্রোইড 151 ওপৰত ভিত্তি কৰি কাষ্টমাইজড অপাৰেটিং চিষ্টেমত চলিব, য’ত MOTO AI ৰ বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে৷ ব্যৱহাৰকাৰীসকলে তিনি বছৰৰ বাবে অপাৰেটিং চিষ্টেম আপডেট আৰু চাৰি বছৰৰ বাবে সুৰক্ষা আপডেট লাভ কৰাৰ আশা কৰিব পাৰে৷

কেমেৰাৰ কথা ক’বলৈ গ’লে Razr 60 Ultra ৰ পিছফালে ট্ৰিপল কেমেৰা ছেটআপ আছে, য’ত আছে 50 MP মেইন কেমেৰা, 50 MP আলট্ৰা-ৱাইড লেন্স, আৰু ৫০ MP টেলিফ’টো কেমেৰা৷ ইয়াত চেলফি আৰু ভিডিঅ’ কলৰ বাবে 50 এমপি ফ্রন্ট ফেচিং কেমেৰা আছে৷ ইয়াৰ উপৰিও এই স্মাৰ্টফোনটোত 4500 mAh বেটাৰী আছে আৰু এই ফোনটোৱে 68W তাঁৰযুক্ত আৰু বেতাঁৰযুক্ত ফাষ্ট চাৰ্জিং সমৰ্থন কৰে৷

Comments