মানুহে আহাৰ খোৱাৰ নিয়ম বহু আছে৷ ইয়াৰ এটা প্ৰধান নিয়ম হৈছে আহাৰৰ লগত সদায় কেচা পাছলীৰ চাট্নি থকাটো৷ খোৱা আহাৰৰ লগত সদায় অতি কমেও ২ বা ৩ বিধ চাট্নি থকাতো বাধ্যতামুলক হ’ব লাগে৷
চাট্নি আৰু চালাদ দুটা বেলেগ বস্তু চালাদ হ’ল বিভিন্ন পছলি একেলগে মিহিকৈ কাটি আহাৰৰ লগত খোৱা৷ আনহাতে চাট্নি হ’ল যিকোনো পাচলি মিহিকৈ পিচি গুৰি কৰি আহাৰৰ লগত খোৱাটো হ’ল চাট্নি৷ পটাত বা খুন্দনাত ভালদৰে পিচিলে ইয়াৰ পৰা যিটো ৰস ওলাব ই আমাৰ শৰীৰৰ বাবে অতি গুণকাৰী৷
চালাদটো থাকিবই লগত চাট্নি যদি থাকে ই মানুহৰ খাদ্য হজম হোৱাত সহায় কৰে৷ লগতে ইয়াৰ লাভকাৰী গুণ বহুত বেচি৷
ঋতু অনুসৰি কেইবিধ মান সহজ লভ্য চাট্নি তাৰ গুণা-গুণ আৰু কেনেকে তৈয়াৰ কৰিব তাক ডাঙি ধৰিলো৷ কেচা জলকীয়া হৈছে ভিটামিন চি আৰু কে, আইৰন, ফাইবাৰ আদি গুনেৰে ভৰপুৰ ই আমাৰ চকু, চাল আদিৰ উজ্বলতা বঢ়োৱাৰ লগতে তেজ চলাচল কৰা শক্তি মজবুত কৰাৰ লগতে আন বহু গুণেৰে ভৰপুৰ৷ সেয়ে কেচা জলকীয়া আৰু ইয়াৰ লগত কেইবিধ মান কেচা পাচলীৰ সংমিশ্ৰণত তৈয়াৰ কৰা চাট্নি আৰু ইয়াৰ গুণাগুণৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰিলো৷
ঠান্দাৰ দিনত খাব পৰা মুখ্য চাট্নি কেইবিধ মান হ’ল–
১৷ কেচা হালধী ইয়াৰ লগত কেচা জলকীয়াৰ চাট্নি দুয়োটাকে ভালদৰে পতাত বা খুন্দনাত পিচি ল’ব আৰু তাত অলপ নিমখ পানী চতিয়াই দিলে ভাল বচ চাট্নি তৈয়াৰ৷
ইয়াৰ উপকাৰিতা– প্ৰথমে হ’ল ই শৰীৰত কোনোধৰণৰ ইনফেকশ্বন হ’ব নিদিয়ে সি বাহিৰত হওঁক বা ভিতৰত হওঁক মানে শৰীৰৰ বাহিৰত বা ভিতৰ ভাগত কোনো ধৰণৰ ঘাঁ, কটা, চিঙা, ভঙা আদি হলে তাক ঠিক কৰিব৷ কাৰণ হালধী হ’ল সকলোতকৈ ডাঙৰ এন্টিবায়টিক এন্টিচেপ্তিক৷ হালধীয়ে কেন্সাৰৰ দৰে দুৰাৰোগ্য ব্যাধিকো ঠিক কৰিব পাৰে৷ দ্বিতীয়তে কেচা জলকীয়াই শৰীৰৰ তেজ চলাচল কৰাৰ ব্যৱস্থাতো সঠিক কৰি ৰাখে৷
২৷ আমলখিৰ চাট্নি – আমলখি আৰু কেচা জলকীয়া পটাত বা খুন্দনাত ভালদৰে পিচি মিহি কৰিব দুয়োটাৰে ৰখ ওলাব বচ চাট্নি তৈয়াৰ৷
উপকাৰিতা– আমলখি হল এন্টিঅক্সিডেন্ট, এই চাট্নিয়ে চকু, চুলিৰ লগতে হজম শক্তি উন্নিত কৰে৷ ই শৰীৰ বুঢ়া হ’ব নিদিয়ে সদায় ডেকা হৈ থাকিব পাৰি৷ শৰীৰৰ বাবে আমলখি অতি উপকাৰী আমলখি নিয়মিত খালে কাহ, পানীলগা, জ্বৰ, টনচিল আদি হ’ব নিদিয়ে৷
৩৷ পালেং শাক – পালেং শাক আৰু কেচা জলকীয়াৰ চাট্নি খাবলৈ অতি সোৱাদ যুক্ত হয়৷ ই শৰীৰত তেজৰ মাত্ৰা বঢ়াই, তেজ পৰিস্কাৰ কৰে, চালৰ সৌন্দৰ্য্য বঢ়োৱা লগতে অন্যান্য শৰীৰৰ বাবে লাগতিয়াল গুণেৰে ভৰপুৰ৷
৪৷ নহৰু আৰু কেচা জলকিয়াৰ চাট্নি ই শৰীৰত গেছ হ’ব নিদিয়াৰ লগতে আন বহুতো গুণেৰে ভৰপুৰ৷
৫৷ বিলাহী আৰু কেচা জলকীয়াৰ চাট্নি৷ ই শৰীৰৰ সৌন্দৰ্য্য বঢ়োৱাৰ লগতে আন বহুতো গুণেৰে ভৰপুৰ৷
৬৷ ধনিয়া আৰু কেচা জলকীয়াৰ চাট্নি৷ ই
৭৷ আদা আৰু কেচা জলকীয়াৰ চাট্নি৷ ই পেটত গেছ হ’ব নিদিয়ে, হজমী ভাল কৰে, ৰুচি বঢ়ায়, লগতে কেলচিয়ামৰ ওপৰিও আন বহু গুণেৰে ভৰপুৰ৷
৮৷ মুলা আৰু জলকীয়াৰ চাট্নি : এই চাট্নিৰ বহু গুণৰ লগতে মুখ্যত ই লিভাৰ মজবুত কৰে৷ কিন্তু মুলা ৰাতিৰ ভাগত খাব নালাগে, বিশেষকৈ ভৰিৰ বিষ হোৱাৰ কাৰণ হ’ল ৰাতি মুলা খোৱা৷ এই মুলা-জলকীয়াৰ চাট্নি ৰাতিপুৱা মানে আগবেলা আহাৰৰ লগত খালে অতি উত্তম আৰু বহু গুণৰ উপাদান৷ এই চাট্নি পাৰিলে সদায় খাব লাগে৷
৯৷ পিয়াজ আৰু জলকীয়াৰ চাট্নি : ইয়াক ৰাতিপুৱাৰ ভাগত খাব লাগে, ৰাতিৰ ভাগত নহয়৷ পিয়াজৰ চাট্নি তৈয়াৰ কৰোতে মন কৰিব লাগে যে পিয়াজৰ মাজৰ ভাগটোহে খাব লাগে ওপৰৰ তিনিটা বাকলি কেচাই খাব নালাগে সেইখিনি তৰকাৰীত দিব আৰু মাজৰ অংশ কেচাই খাব বা চাট্নি বনাই খাব৷ আৰু পিয়াজ কাটিব নালাগে ইয়াক ভাঙি খাব লাগে৷ এই চাট্নিত ভিটামিন ‘কে’ অধিক মাত্ৰাত পোৱা যায় আৰু লগত থকা জলকীয়াই তেজৰ চলাচল ঠিক ৰাখে আৰু এই পিয়াজৰ চাট্নি চুলিৰ বাবে অতি উত্তম৷
চাট্নিয়ে হজমি শক্তি বঢ়ায়, তেজৰ চলাচল বঢ়ায়৷ মানুহে পেটভৰাই খালেও লগত যদি চাট্নিয়ে তাক সহজে হজম কৰিব পাৰে৷ পেটত গেছ হ’ব নিদিয়ে, এলাহ নাইকীয়া কৰিব, শৰীৰ সজীৱ হৈ থাকিব, মুঠৰ ওপৰত সৰ্বৰোগ নাশক এই চাট্নি৷ ঋতু অনুসৰি আহাৰৰ লগত ২-৩ বিধ চাট্নি খোৱাৰ অভ্যাস গঢ়ি তোলক, তেতিয়াহে আহাৰ খোৱাটো সাৰ্থক হ’ব৷
যিহেতু বৰ্তমান আমাৰ মাজত কেচা বস্তু খোৱাটো প্ৰায় বন্ধ হৈয়ে গৈছে৷ আছলতে আমি যদি কেচা বস্তু একেবাৰে নাখাওঁ তেনেহলে শৰীৰটোৱে কেনেদৰে প্ৰাকৃতিক উপাদান লাভ কৰিব? যিহেতু আমাৰ শৰীৰটো কেচা৷ গতিকে এই কেচা শৰীৰ এটা শুকান পেকটৰ খাদ্য, ভজা-পোৰা খাদ্য আদিয়ে কেনেদৰে দীৰ্ঘদিন নিৰোগী কৰি ৰাখিব পাৰিব৷ যিহেতু যুগৰ লগত আমি সকলো মিলি চলিবই লাগিব৷ তাৰে মাজতে আমাৰ আছল সম্পদ হ’ল এই শৰীৰটো৷ ইয়াক বচাই চলিলেহে বাকীবোৰ ভোগ কৰিব পাৰিম৷ যদি শৰীৰটোৱেই ৰোগীয়া বা এলেহুৱা হয় বাকী বোৰৰ কি কাম? শৰীৰ ঠিক ৰাখিব লাগিলে ইয়াৰ আছল খাদ্য কি তাক সকলোৱে জনা অতি প্ৰয়োজন৷ সেয়ে আমাৰ এই শৰীৰটোৰ স্বাৰ্থত প্ৰতিদিনে অন্তত দুবিধ কেচা চাট্নি আমি খোৱাৰ অভ্যাস গঢ়ি তুলিব নোৱাৰো জানো...... প্ৰকৃতিৰ মহান দান আমাৰ এই শৰীৰটো সকলোৰে নিৰোগী হওঁক তাৰে কামনাৰে৷ নমস্কাৰ৷
Comments
Post a Comment